সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মহাৰাষ্ট্ৰ বিজেপিত আঘাত

মহাৰাষ্ট্ৰ বিজেপিত আঘাত

দল এৰিলে উপসভাপতিয়ে

মুম্বাই,৫ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰ বিজেপিত এক জোকাৰণিৰ সৃষ্টি কৰি জ্যেষ্ঠ নেতা তথা দলটোৰ উপসভাপতি কৃষ্ণ হেগৰেই আজি শিৱসেনাত যোগদান কৰে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক আজি সাক্ষাতৰ পিছতে তেওঁ কয় “মই শিৱসেনাত যোগদান কৰিছোঁ ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে মোক ভিলে পাৰ্লে অঞ্চলত দলটো শক্তিশালী কৰাৰ দায়িত্ব প্ৰদান কৰিছে ৷ আমি এতিয়া ৰাজ্যখন শক্তিশালী কৰাৰ স্বাৰ্থত একেলগে আগবাঢ়ি যাম ৷ ” ২০১৭ চনলৈকে তেওঁ ভিলে পাৰ্লে সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আছিল আৰু ২০১৭ চনতেই তেওঁ বিজেপি দলত যোগদান কৰিছিল ৷ বিজেপিয়ে তেওঁৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি তেওঁক উপসভাপতিৰ দৰে পদত অধিষ্ঠিত কৰিছিল ৷