সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সৰ্বত্ৰে

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সৰ্বত্ৰে

প্ৰতিবাদকাৰী আৰক্ষীৰে সংঘাত নগাঁৱত

নগাঁও/যোৰহাট: ৫ ফেব্ৰুৱাৰী : পেট্ৰ’ল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি নগাঁৱত অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও চহৰৰ নতুন বজাৰত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰিবলৈ বিচাৰোতেই আৰক্ষীয়ে বাধা দিয়াক কেন্দ্ৰ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদকাৰী সকলে দুয়োগৰাকী নেতাৰ পুত্তলিকা দাহ কৰিবলৈ তৎপৰ হৈ পৰাত আৰক্ষীয়ে পুনৰ বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাতৰ। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিৰ ফলত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়।

পৰিষদৰ সদস্য সকলে প্ৰধানমন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ কৰা চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰক আদি বিভিন্ন ধ্বনি দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। আৰক্ষীয়ে সংগঠনটোৰ কেইবাগৰাকী বিষয়ববীয়াক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিষদৰ নগাঁও জিলা সমিতিয়ে। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃত্বই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কয়- “চৰকাৰে গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ উঠি- পৰি লাগিছে। সমাগত বিধানসভা নিৰ্বাচনৰ সময়ত যাতে চৰকাৰখনৰ লগতে বিজেপি দলৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ সৃষ্টি নহয় তাৰ বাবে চৰকাৰখনে গণতান্ত্ৰিক আন্দোলন দমন কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে।

চৰকাৰে যিমানেই দমন নচলাওক, চৰকাৰে যিমানেই নিৰ্যাতন নচলাওক কিয় আমাৰ গণতান্ত্ৰিক আন্দোলন তেওঁলোকে কেতিয়াও ৰোধ কৰিব নোৱাৰে। বৰঞ্চ দুগুণ উদ্যমৰে আমাৰ আন্দোলন চলাই যাম। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া প্ৰবীন দাস, প্ৰদীপ কুমাৰ শইকীয়া আৰু নগাঁৱৰ নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনকে ধৰি ভালে কেইজন বিষয় ববীয়াই অংশগ্ৰহণ কৰে।


আনহাতে,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়েও আজি যোৰহাট জিলাৰ মাজমজিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ  প্ৰতিকৃতি দাহ কৰাৰ লগতে বিজেপি চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে । সাধাৰণ জনতাতকৈ পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰতহে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন দায়ৱদ্ধ বুলি উল্লেখ কৰি অজাযুছাপ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱ জ্যোতি শইকীয়াই কয় “ আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আজি প্ৰায় ৭ বছৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰায় ৫ বছৰীয়া শাসনকালত কাৰোবাৰ যদি উন্নতি হৈছে সেয়া হ’ল আদানি -আম্বানি তথা টাটা বিৰলাৰ। মুষ্টিমেয় কেইজনমান পুঁজিপতিৰ বাহিৰেও দেশখনত এশ কোটিতকৈও অধিক খাতিখোৱা সাধাৰণ লোক আছে সেইয়া ভাৱিবলৈ তেওঁলোকৰ অৱকাশ নাই । ” ক্ষমতা দখলৰ বাবে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱা দেশৰ সম্পদৰ লুন্ঠনকাৰীক আগন্তুক নিৰ্বাচনত পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বসন্ত দত্তই কয় ” চবকা সাথ চবকা বিকাশৰ কথা কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শেহতীয়া কাৰ্যকলাপৰ পৰা কেৱল পুঁজিপতি সকলহে উপকৃত হৈছে ৷ ”