মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সকলোৰে লক্ষ্যস্থান শিৱসাগৰ !

সকলোৰে লক্ষ্যস্থান শিৱসাগৰ !

ৰাহুল গান্ধী আহিব ১৪ ফেব্ৰুৱাৰীত

চৰাইদেউ, ৫ ফেব্ৰুৱাৰী : ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বতাহ বলিবলৈ আৰম্ভ হৈছে নিৰ্বাচনৰ। ৰাজ্যৰ প্ৰতিটো ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলে বিভিন্ন প্ৰান্তত ইখনৰ পাছত সিখনকৈ সভা অনুষ্ঠিত কৰি ৰাইজক নিজৰ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। তেনে সময়তে ঐতিহাসিক শিৱসাগৰ যেন এতিয়া ৰাজনৈতিক অভিক্ষেত্ৰলৈ পৰিণত হৈছে। শিৱসাগৰত অনুষ্ঠিত হৈছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ বিশাল জনসভা। শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হোৱাৰ পিছত ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত মাটিৰ পট্টা বিতৰণ কৰাৰ চলেৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অনুষ্ঠিত কৰিলে বিশাল জনসভা। যদিও সভাখন চৰকাৰী কাৰ্যসূচী আছিল তথাপিও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে এনেদৰে বিশাল জনসভা অনুষ্ঠিত কৰা কাৰ্য যে নিৰ্বাচনৰে কুচ-কাৱাজ সেইকথা প্ৰায়সকলেই বুজি উঠিছে। ইফালে শিৱসাগৰৰ কাষৰীয়া আমগুৰিতো অসম গণ পৰিষদ দলে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি নিজৰ দলৰ স্থিতি জাহিৰ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয় কিছুদিন পূৰ্বে। তেনে সময়তে এইবাৰ নিজৰ দলৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ দল। দলটোৱে শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত এখন বিশাল জন সমাৱেশ অনুষ্ঠিত কৰি অসমত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনৰ  প্ৰথমটো ৰণশিঙা বজাবলৈ সাজু হৈ উঠিছে। সেই অনুসৰি অহা ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হবলগীয়া এই জনসমাৱেশত উপস্থিত থাকিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী। 
“কংগ্ৰেছ দলে পুনৰ দিছপুৰৰ গাদী দখল কৰিবলৈ উজনি অসমত এয়া প্ৰথমখন জন সমাবেশ” বুলি মন্তব্য কৰি ৰাজ্যৰ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আগন্তুক নিৰ্বাচনত বিজেপি দলক ৰাইজে বৰ্জন কৰিব বুলি মত ব্যক্ত কৰে। মন কৰিবলগীয়া যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ক্ৰমে প্ৰয়াত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা সকলে আগতে ভাষণ দি যোৱা শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হবলগীয়া এই বিশাল জনসভাই কংগ্ৰেছ দলৰ শক্তি নিৰূপণ কৰিব বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই।