বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘আলী’ক নালাগে,’কুলী’ক কিন্তু লাগে !

‘আলী’ক নালাগে,’কুলী’ক কিন্তু লাগে !

বিজেপিৰ চিন্তা নাই আৰু

গুৱাহাটী,৬ ফেব্ৰুৱাৰী : আজি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গুৱাহাটীত উপস্থিত হয় ৷ আজি খানাপাৰাত অনুষ্ঠিত এই সভাত ৰাজ্যৰ মুঠ ৭,৪৬,৬৬৭ গৰাকী চাহ বাগিচাৰ লোকক তিনি হাজাৰ টকাকৈ আগবঢ়োৱা হয় ৷ উল্লেখযোগ্য যে চাহ শ্ৰমিকসকলক ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত ক্ৰমে ২৫০০ টকাকৈ দুবাৰ ,আজিলৈকে মুঠ ৮ হাজাৰ টকা প্ৰদান কৰা হৈছে ৷ ২০১৭-১৮ বৰ্ষত প্ৰথম কিস্তিৰ ধন মুঠ ৬,৩৩,৪১১ টা বেংক একাউণ্টত প্ৰদান কৰাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত ৭,১৫,৯৭৯ টা বেংক একাউণ্টত এই ধন জমা দিয়া হয় ৷ সমগ্ৰ ৰাজ্যৰ মুঠ ৭৫২ খন চাহ বাগিচাক সাঙুৰি লৈছে এই আঁচনিয়ে ৷ আজি ৩হাজাৰ টকাৰ ধন পুৰস্কাৰ মেলাৰ উদ্ধোধন কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাজৰ মানুহ অৰ্থাৎ মধ্যভোগী আঁতৰ কৰাৰ বাবেই চাহ বাগিচাৰ লোকৰ বাবে একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ জৰিয়তে চাহ শ্ৰমিকসকল লাভান্বিত হৈছে ৷ “বেংক একাউণ্ট খোলাৰ পিছত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল চাহ শ্ৰমিকসকল ৷ কিন্তু মই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিলোঁ বেংক কৰ্তৃপক্ষক ৷ সেয়ে কঠোৰ লকডাউনৰ মাজতো এই সমস্যাটো সমাধান কৰিছে বেংকবিষয়াসকলে”-এনেদৰে কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷ চাহ শ্ৰমিকৰ শিশু আৰু মহিলাৰ কল্যাণৰ বাবে ইতিমধ্যে ১০০ ০ কোটি টকা ঘোষণা কৰাৰ কথাটোও পুনৰ দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে,অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “ অহা দহ দিনৰ ভিতৰত চাহ শ্ৰমিকে আৰু ভাল খবৰ পাব ৷ প্ৰথম বছৰ আমি ১৫৮ কোটি টকা ব্যয় কৰিলোঁ আৰু পিছৰ বছৰ এই ব্যয় বৃদ্ধি পায় হয়গৈ ২০২ কোটি ৷ আমি আজি দিয়া ধনৰ পৰিমাণটো প্ৰতিমাহে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছোঁ ৷ ”