বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছানী লিয়নী ঠগ !

ছানী লিয়নী ঠগ !

ধন লৈ অনুষ্ঠান নকৰাৰ অভিযোগ ছানীৰ বিৰুদ্ধে

নতুন দিল্লী,৬ ফেব্ৰুৱাৰী : ২০১৯ চনৰ ভেলেণ্টাইন ডে’ৰ দিনা এক অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ছানী লিয়নীয়ে কেৰালাৰ এক সংস্থাৰ পৰা আগধন লৈছিল যদিও পিছত বহুতবাৰ উদ্যোক্তাই অনুষ্ঠানটো পিছুৱাই থকাৰ বাবে তেওঁ তাত অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷ পেৰেম্বুদুৰৰ চিয়াজ নামৰ ব্যক্তিজনে কেৰালাৰ মুখ্য আৰক্ষী আয়ুক্তজনৰ ওচৰত  এই বিষয়টো জনাই এখন আবেদন দাখিল কৰিছিল ৷ এই আৱেদন গ্ৰহণ কৰি  অপৰাধ শাখাই অলপতে ছানী লিয়নীৰ ভাষ্য গ্ৰহণ কৰিছে ৷ ২৯ লাখ টকাৰ মাননি গ্ৰহণ কৰা  বুলি আৱেদনত উল্লেখ কৰিছে যদিও লিয়নীয়ে অপৰাধ শাখাত এই গোচৰৰ প্ৰত্যুত্তৰত কয় যে সংস্থাটোৱে বাৰে বাৰে পিছুৱাই থকা বাবে তেওঁ আন কিছু অনুষ্ঠানত ব্যস্ত হৈ থকাৰ বাবে তাত উপস্থিত থাকিব নোৱাৰিলে ৷ আৰু তেওঁ ১২.৫০ লাখ টকা অনুষ্ঠানৰ কেইদিনমান আগতহে লোৱাৰ কথা আছিল যদিও সেইয়া লোৱা নহ’ল ৷ অপৰাধ শাখাই সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আন চেলিব্ৰিটি সকলকো যোগাযোগ কৰিব আৰু যদি একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি তেওঁলোকে উল্লেখ কৰে তেন্তে গোচৰটো বেলেগ ধৰণৰ হ’ব ৷ অৱশ্যে ছানী লিয়নীয়ে এই কথা স্পষ্ট কৰি দিছে যে যদি উদ্যোক্তাসকলে তেওঁৰ সুবিধা অনুসৰি অনুষ্ঠানটো পুনৰ আয়োজন কৰে তেন্তে তেওঁ অংশগ্ৰহণ কৰাত আপত্তি নাই ৷