মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টিকায়েটৰ অশ্ৰুৱেই প্ৰতিবাদীৰ ‘মলম”

টিকায়েটৰ অশ্ৰুৱেই প্ৰতিবাদীৰ ‘মলম”

প্ৰতিবাদী কৃষক আকৌ একত্ৰিত

নতুন দিল্লী,৬ ফেব্ৰুৱাৰী : বিগত ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীত সংঘটিত অবাঞ্চিত পৰিস্থিতিৰ পিছত কৃষক আন্দোলনটো একপ্ৰকাৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছিল ৷ সেই ষড়যন্ত্ৰৰ অংশীদাৰ হিচাপে আছিল দ্বীপ সিদ্ধু নামৰ এজন গায়ক ৷ সেই ঘটনাৰ পিছতেই সমগ্ৰ আন্দোলনটো বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছিল চৰকাৰী পক্ষই আৰু এই অভিযোগ আছিল কৃষক আন্দোলনৰ নেতাসকলৰ ৷ মুঠ ৬০ টা দিনৰ সকলো কষ্ট অথলে যোৱাৰ আশংকাত কৃষক নেতা ৰাকেশ সিং টিকায়েটে আৱেগিকভাৱে ভাষণ ৰাখিছিল কৃষকসকলৰ আগত৷দেশৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু কৰাৰ পিছত প্ৰতিবাদী কৃষকসকল মানসিকভাৱে ভাঙি পৰিছিল ৷ কিন্তু টিকায়েটে আৱেগিকভাৱে দিয়া ভাষণে এই ভাঙি পৰা কৃষকসকলৰ মনত মলমৰ দৰে কাম কৰিলে যাৰ ফলত হাজাৰ হাজাৰ কৃষক আজি কৃষকৰ সমৰ্থনত পথলৈ ওলাই আহিল ৷