দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পষেকটোতে দ্বিতীয় ভ্ৰমণ মোডীৰ

পষেকটোতে দ্বিতীয় ভ্ৰমণ মোডীৰ

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সঘনাই অসম ভ্ৰমণ

নতুন দিল্লী,৬ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই তেওঁৰ সমগ্ৰ ভ্ৰমণ কাৰ্যসূচীৰ বিষয়ে টুইটাৰ যোগে জনাইছে ৷ টুইটাৰ বাৰ্তাত মোডীয়ে উল্লেখ কৰিছে“কাইলৈ অসমত দুখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে চৰাইদেউ আৰু বিশ্বনাথৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷ বিগত কেইবছৰত অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব পৰিবৰ্তন হ’ল ৷ নতুনকৈ স্থাপন হ’বলগীয়া চিকিৎসালয় দুখনে অসমবাসীকেই যে উপকৃত কৰিব তেনে নহয় ,সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকেই উপকৃত কৰিব ৷ ”পশ্চিমবংগৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মোডীয়ে কয়“কাইলৈ আবেলি মই পশ্চিমবংগৰ হালদিয়াত থাকিম ৷ তাত মই এলপিজিৰ টাৰ্মিনেলটো দেশৰ বাবে উৎসৰ্গা কৰিম ৷ প্ৰধানমন্ত্ৰী উৰ্জাগংগা প্ৰজেক্টৰ অধীনত বিহাৰৰ ধবীৰ পৰা পশ্চিমবংগৰ দুৰ্গাপুৰলৈ ৩৪৮ কিঃমিটাৰ উছৰ্গা কৰিম ৷ “উল্লেখযোগ্য যে গেইল ইণ্ডিয়া লিমিটেডে পশ্চিমবংগকো প্ৰাকৃতিক গেছৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছে ৷ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এইটো বিগত পষেকটোৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অসম তথা পশ্চিমবংগ ভ্ৰমণ ৷ যোৱা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমৰ শিৱসাগৰৰ জেৰেঙা পথাৰলৈ আহিছিল আৰু সেই অনুষ্ঠানতে খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰিছিল ৷