বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰাম মন্দিৰক লৈ দেৰগাৱঁতো ৰাজনীতি !

ৰাম মন্দিৰক লৈ দেৰগাৱঁতো ৰাজনীতি !

যিয়ে যেনেকৈ পাৰিছে চলাই গৈছে কুচকাৱাজ

দেৰগাঁও,৬ ফেব্ৰুৱাৰী : সন্মুখত নিৰ্বাচন। পা‍ঁচবছৰলৈ ৰাজপাট খোৱাৰ বাবে প্ৰাৰ্থী আৰু প্ৰাৰ্থীত্ব প্ৰয়াসী সকলে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কি কি যে কৰা নাই ? দেৰগাঁও বিধানসভা সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা বিজেপিৰ অনুসুচিত জাতি পৰিষদ দেৰগাঁও বিধানসভা সমষ্টিৰ সভাপতি ৰঞ্জিত দাসৰ উদ্যোগত ৰামমন্দিৰ নিৰ্মাণ নিধিৰ পুঁজি সংগ্ৰহৰ বাবে এইবাৰ পদূলিয়ে পদূলিয়ে শ্ৰৱণ কীৰ্তন কৰি ৰাইজৰ আস্থা আৰু বিশ্বাসভাজন হোৱাৰ যত্ন কৰিছে।

বহু সংখ্যক সমৰ্থক লৈ শ্ৰৱণ কীৰ্তন কৰি দাসে ৰামমন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ আঁৰত যে এক গুলীত দুই চিকাৰৰ দৰে নিৰ্বাচনী প্ৰচাৰো আছে সেয়া জলজলপটপট যদিও ভগৱানৰ নামত ৰাজনীতি কৰাটো যে এই মুলুকত যথেষ্ট লাভজনক সেয়া ৰঞ্জিত দাসেও ভালদৰেই বুজি উঠিছে।

পিছে সময়েহে ক’ব দাসৰ এই এক গুলীত দুই চিকাৰৰ ৰাজনীতিয়ে কিমান কাম দিয়ে ? আনহাতে,কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীৰ আকস্মিক মৃত্যুৱে কংগ্ৰেছ দলটোৰ যথেষ্ট ক্ষতি কৰিলে ৷ নতুনকৈ গঠন হোৱা ৰাইজৰ দলেও নিজৰ ভেটি শক্তিশালী কৰিবলৈ এইকেইদিন বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি আহিছে ৷ প্ৰাৰ্থীত্ব কাক দিব ,সেয়া কোনোটো দলেই উল্লেখ নকৰিলেও কিন্তু নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ চলাই আছে আটাইকেইটা দলেই ৷