শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অন্ত পৰিল সাহিত্য সন্মিলনীৰ

অন্ত পৰিল সাহিত্য সন্মিলনীৰ

দৈয়াংবাসীৰ সমস্যাক লৈ সৰৱ সন্মিলনী

মেৰাপানী ,৭ ফেব্ৰুৱাৰী : অসমীয়া সাহিত্য সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখনি যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দৈয়াং উপত্যকাৰ মেৰাপানীস্থিত দৈয়াং মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়। আজি অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ১০-৩০ বজাত সন্মিলনীৰ নৱ-নিৰ্বাচিত সভাপতি ড° সাগৰ বৰুৱাক, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সাংস্কৃতিক কৰ্মী, সদস্যসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনি কিলোমিটাৰ যোৱা পদযাত্ৰাৰে অধিৱেশনথলীলৈ আদৰি আনে। ইয়াৰ পিছতেই দুপৰীয়া ১২ বজাৰ পৰা  সন্মিলনীৰ মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী অৰূপা পটংগীয়া কলিতাই অংশগ্ৰহণ কৰি দৈয়াঙৰ ইতিহাস  ৰোমন্থন কৰি অভিভূত হৈ পৰাৰ লগতে দৈয়াঙৰ ভূমি আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ নীলিমা বৰাক  সোঁৱৰি আবেগিক হৈ পৰে।

লগতে তেওঁ দৈয়াংবাসীৰ প্ৰতি সদায় মৰম শ্ৰদ্ধা আছে বুলি উল্লেখ কৰি সাহিত্যিকগৰাকীয়ে শৈশৱৰ স্মৃতি  সোঁৱাৰাই সাহিত্য বিষয়ত এক ভাষণ প্ৰদান কৰি কয়  “সাহিত্যক শাসক শ্ৰেণীয়ে সদায় গছকি ৰাখিব বিচাৰে । সাহিত্য অনুষ্ঠানত ৰাজনৈতিক নেতাৰে ভৰি পৰিছে সেয়ে  এই ক্ষেত্ৰত নৱ প্ৰজন্মক সচেতনতাৰে সাহিত্য চৰ্চা আৰু অধ্যয়নপুষ্ট হ’ব পৰাকৈ সাহিত্য দিশত মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ৷ ” সভাত বিশিষ্ট সাংবাদিক বেদব্ৰত বৰাই অধিৱেশনৰ লগত সংগতি প্ৰকাশ কৰি ওলিওৱা “বৰলুইত” নামৰ স্মৃৃৃতিগ্ৰন্থ উন্মোচন কৰি দৈয়াংবাসীক ভূমি পট্টা দিব পৰাকৈ এক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কথা উল্লেখ কৰি শাসনাধিষ্ঠ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে তেওঁ ভাষণ প্ৰসঙ্গত বৰ্তমান ভাষাৰ প্ৰতি অহা তীব্ৰ সংকট আৰু অসমীয়া জাতিৰ চৰম ভাবুকি আহিছে বুলি উল্লেখ কৰে।

অসমীয়া সাহিত্য সন্মিলনীৰ নৱ -নিৰ্বাচিত সভাপতি ড° সাগৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষাৰ অধ্যাপক ড° দিলীপ বৰাই, আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি বাবুল শইকীয়াই, সভাত বিদায়ী সভাপতি লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি ড° মুকুল চক্ৰৱৰ্তী, আপকুৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰিয়ংদীপ কাকতিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অসমীয়া সাহিত্য সন্মিলনীৰ সম্পাদক মিংকু কলিতা আৰু উদযাপন সমিতিৰ সম্পাদক দীপক বৰাই আঁতধৰা অনুষ্ঠানটোত অসমীয়া সাহিত্য সন্মিলনীৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট  চিকিৎসক দেৱীচৰণ ঠাকুৰ আৰু গোলাঘাট গণকবি অশোক দাসক ‘সদস্য বৰেণ্য’ সন্মান প্ৰদান কৰে। আনহাতে, সভাত অসমীয়া সাহিত্য সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি যুগলজ্যোতি গগৈৰ সম্পাদনাত প্ৰকাশিত  প্ৰকাশিত “বৰলুইত ” উন্মোচন কৰে বেদব্ৰত বৰাই। অসমীয়া সাহিত্য সন্মিলনীৰ বাৰ্ষিক আলোচনী ‘প্ৰাগজ্যোতিকা’, দৈয়াং শাখা সন্মিলনীৰ দ্বাৰা প্ৰকাশিত কবিতা পুথি ‘স্বাগত সতীৰ্থ’,সহ দহখনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয় । উল্লেখ্য যে, সন্মিলনীৰ প্ৰতিনিধি সভা আগন্তুক কাৰ্যকালৰ বাবে ধুৰ্জ্জূতি শৰ্মাক ৰাজ্যিক সম্পাদকৰূপে নিৰ্বাচিত কৰে।