মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰাইদেউৱে পালে চিকিৎসালয়

চৰাইদেউৱে পালে চিকিৎসালয়

উপকৃত হ’ব প্ৰতিবেশী ৰাজ্যও

চৰাইদেউ,৭ ফেব্ৰুৱাৰী :  চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰী দিনটো ঐতিহাসিক চৰাইদেউ বাসীৰ বাবে হৈ পৰিল এক ঐতিহাসিক দিন। কিয়নো এই দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চৰাইদেউ বাসীলৈ আগবঢ়ালে এক বিশেষ উপহাৰ। যি উপহাৰে উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউবাসীৰ লগতে অসমৰ চুবুৰীয়া অৰুণাচল আৰু নাগালেণ্ডৰ জনতাক বিশেষ ভাবে উপকৃত কৰিব। চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে অসমৰ ঢেকিয়াজুলিত অনুষ্ঠিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰি আধাৰশিলা স্থাপন কৰিলে চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ লগতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ।

ভাৰ্চুৱেলী  দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখযোগ্য যে প্ৰায় ছশ কোটি টকাৰে এশ বিঘা মাটিত সোণাৰিৰ কাষৰীয়া ৰজাপুখুৰীত নিৰ্মাণ হ’বলগীয়া চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত এক বিশেষ অনুষ্ঠান আয়োজিত কৰা হয় জিলা প্ৰশাসনৰ সৌজন্যত। এই সন্দৰ্ভত চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই কয়, “চৰাইদেউ চিকিৎসা মহাবিদ্যালয়খন স্থাপন হ’লে অসম, নগালেণ্ডৰ লগতে অৰুণাচল প্ৰদেশৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব ৷ ”