সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জলপ্ৰলয়ত সন্ধানহীন ২জন

জলপ্ৰলয়ত সন্ধানহীন ২জন

হিয়া ঢাকুৰিছে মাতৃয়ে

নগাঁও,৭ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত জলপ্ৰলয়ৰ ঘটনাত অসমৰ দুজন যুৱক সন্ধানহীন ৷ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই যুৱক সন্ধানহীন হৈছে উক্ত জলপ্ৰলয়ত ৷ উত্তৰাখণ্ডত কৰ্মৰত অৱস্থাত আছিল অমৰজ্যোতি দাস আৰু কমল দাস ৷ পৰিয়ালৰ লোকক ফোনযোগে জনোৱাৰ পাছত কান্দোনৰ ৰোল উঠিছে যুৱক দুজনৰ বাসগৃহত ৷ উত্তৰাখণ্ডত জলপ্ৰলয়ে পলকতে জীৱন্তে উটুৱাই নিলে প্ৰায় ১৫০ৰো অধিক লোকক ৷

গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত চামলী জিলাত ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে ৷ ইপিনে সন্ধানহীন যুৱক দুজনৰ পৰিয়ালৰ লোকে যুৱক দুজনক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে । উল্লেখযোগ্য যে পিতৃহাৰা দুই যুৱকৰ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই  মাতৃৰ অচেতন হৈ পৰিছে।