শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ডাবল ইঞ্জিন লাগে শুভেন্দুক

ডাবল ইঞ্জিন লাগে শুভেন্দুক

বিনিয়োগ নোহোৱাৰ খবৰ আজিহে পালে শুভেন্দুৱে

কলকাতা,৭ ফেব্ৰুৱাৰী : নতুনকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পশ্চিম বংগৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি বৰ্তমান মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰখনক সমালোচনা কৰি কয় “ এই চৰকাৰখনৰ দিনত বিগত দহ বছৰত কোনো উন্নয়ন সাধন নহ’ল ৰাজ্যখনত ৷ কোনোধৰণৰ বিনিয়োগ নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৷ ”দুটা ইঞ্জিনৰ চৰকাৰেহে ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কলকাতাৰ নেতাজী বিমান বন্দৰত উপস্থিত হৈছে আৰু তেওঁ পূব মেদিনাপুৰৰ হালদিয়াত গৈ প্ৰাকৃতিক গেছৰ প্ৰকল্প উদ্বোধন কৰিব ৷ আজি অনুষ্ঠিত এই সমাৱেশত প্ৰধানমন্ত্ৰী মোডীৰ ওপৰিও কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান,সৰ্বভাৰতীয় উপ সভাপতি মুকুল ৰয় ,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বাৰ্ঘী আদি উপস্থিত থাকে ৷