বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বান্ধ খহি নিৰুদিষ্ট ১৫০ জন

বান্ধ খহি নিৰুদিষ্ট ১৫০ জন

উত্তৰাখণ্ডত অভাৱনীয় পৰিস্থিতি

চামলী,৭ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত ঢৌলীগংগা নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত প্ৰচণ্ড বানপানীৰ সৃষ্টি হয় চামলী জিলাৰ ৰাইনী অঞ্চলত ৷ আজি পুৱা সংঘটিত এই ঘটনাত ঋষিগংগা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টত কাম কৰি থকা বহুবোৰ শ্ৰমিক নিৰুদিষ্ট হয় ৷ যোশীমঠৰ ঢৌলীগংগা উপত্যকাত অৱস্থিত এটা বৰফাবৃত অঞ্চল আকস্মিকভাৱে খহি পৰাত এই অবাঞ্চিত ঘটনাটো সংঘটিত হয় ৷ ইয়াৰ ফলত তপোবন শক্তি প্ৰকল্পৰ বান্ধো ভাঙি যায় ৷ উক্ত ঘটনাৰ পিছতে অঞ্চলটোৰ নদীবোৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পায়৷ ইতিমধ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে ৷ অৱশ্যে হৃষীকেশ আৰু হৰিদ্বাৰত এই বানপানীৰ কোনো প্ৰভাৱ নপৰিব বুলি ভবা হৈছে যদিও পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা স্থানতে সতৰ্কতা অৱলম্বন কৰা হৈছে আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷ চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ঘটনা সংঘটিত হোৱা অঞ্চলটোত মানুহৰ বসতি কম হোৱা বাবে স্থায়ী বাসিন্দাৰ ক্ষতি হোৱাৰ আশংকা কম ৷ অৱশ্যে অঞ্চলটোত অৱস্থিত প্ৰায় আটাইকেইটা বান্ধেই ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰৰ শেহতীয়া তথ্য মতে প্ৰায় ১৫০ লোকৰ মৃত্যু হৈছে আৰু ডেৰ শতাধিক লোক নিৰুদ্দেশ হৈছে ৷