শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মাতৃভাষাক ‘প্ৰাধান্য’ দিলে এইবাৰ মোডীয়ে

মাতৃভাষাক ‘প্ৰাধান্য’ দিলে এইবাৰ মোডীয়ে

আধাৰশিলা স্থাপন কৰিলে ২ চিকিৎসা মহাবিদ্যালয়ৰ

গুৱাহাটী,৭ ফেব্ৰুৱাৰী : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পষেকটোৰ ভিতৰতে দ্বিতীয় বাৰৰ বাবে অসমলৈ  আহে ৷ আজি প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাা স্থাপন কৰে ৷এই আধাৰশিলা স্থাপন কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা অসমত মাতৃভাষাৰ মাধ্যমতে আৰম্ভ হ’ব মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠদান।
প্ৰধানগৰাকীৰ মতে স্থাপন হ’বলগীয়া এখন চিকিৎসা মহাবিদ্যালয়  আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঠদান অসমীয়া ভাষাতে হওঁক। বিধানসভা নিৰ্বাচনৰ পিছত ৰাজ্যত আন  এখন মেডিকেল কলেজ আৰু এখন অভিযান্ত্ৰিক কলেজৰ পাঠদান অসমীয়াতে কৰোৱা হ’ব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে  আজি এই সভাতে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
অন্যহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে স্বাধীনতাৰ ৭৫ বছৰ পিছতো  মাতৃভাষাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পৰা নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে, অসমীয়া ভাষাত অধ্যয়ন কৰিলে ভাল অভিযন্তা অথবা চিকিৎসক হ’ব নোৱাৰে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।