বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / শোকাৱহ !

শোকাৱহ !

উদণ্ড ট্ৰাক চালকৰ বাবেই দুৰ্ঘটনা

নগাঁও,৭ফেব্ৰুৱাৰী : উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবেই নগাঁৱৰ বিভিন্ন ঠাইত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।তেনে এজন উদণ্ড ট্ৰাক চালকৰ চৰম মইমতালিৰ বাবেই আজি বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা । উক্ত দুৰ্ঘটনাত এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ উপৰিও এগৰাকী কণমানি ছোৱালী আহত হয়। জানিব পৰা মতে, নগাঁও-ধিং গড়কাপ্টানি পথেৰে মাটি কঢ়িওৱা এ এছ এন ২৯১৭   এখন ট্ৰাকে ৷ কৰ্তব্যৰত যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ সন্মুখেদিয়েই হুজ গাঁও দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি আছিল ট্ৰাকখন। ট্ৰাকখন আহি নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেঁতুৰ ওপৰ পাওঁতেই একে সময়তে হুজ গাঁৱৰ পৰা নগাঁও চহৰলৈ বুলি গৈ থকা এ এছ ০২ জেদ ৫৯৪৬ নম্বৰৰ  এখন স্কুটীক খুন্দা মাৰে। ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতে  স্কুটী আৰোহী জনৰ মৃত্যু হয়। স্কুটী খনত দুই-তিনি বছৰীয়া এজনী কণমানি ছোৱালীও আছিল যদিও দৈব্যক্ৰমে তেওঁ ৰক্ষা পৰে । দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ নাম ৰাজীৱ বৰা (২৮)। তেওঁৰ ঘৰ চহৰ খনৰ পাৰ্শ্বৱৰ্তী হুজগাঁৱত। এগৰাকী ট্ৰেফিক কনিষ্টবলৰ স্বামী বৰাই বিয়া কৰোৱা মাত্ৰ দুমাহহে হৈছিল। আহত শিশুটি তেওঁৰ আত্মীয়। ইপিনে,দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়নৰ চেষ্টা কৰে যদিও পাছত স্থানীয় লোকে জব্দ কৰে। স্মৰ্তব্য যে,দুৰ্ঘটনাটোত নিহত বৰাৰ ৰক্তাক্ত মৃতদেহটো উৰণীয়া সেতুৰ ওপৰত স্কুটী খনৰ কাষতে পৰি থকাৰ সময়ত কণমানি ছোৱালী জনীয়ে মৃতদেহটো লিৰিকি বিদাৰি ফেঁকুৰি-ফেঁকুৰি কান্দি আছিল যদিও বহু পৰলৈকে কোনো পথচাৰীয়ে সহায়ৰ বাবে আগবাঢ়ি যোৱা নাছিল।