সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / স্থায়ী ঠিকনা হ’ল শিল্পীৰ

স্থায়ী ঠিকনা হ’ল শিল্পীৰ

নগাৱঁত শিল্পীৰ আৰু থকাৰ চিন্তা নাই

নগাঁও, ৭ফেব্ৰুৱাৰী : অৱশেষত অসমৰ শিল্পী সকলৰ বাবে নিৰ্মাণ কৰা হ’ল প্ৰথমটি স্থায়ী গৃহ। নগাঁৱৰ নতুন বজাৰত সংগীত শিল্পী মঞ্চ নামৰ সংস্থাটোৱে নিৰ্মান কৰা আটকধুনীয়া প্ৰেক্ষাগৃহ আজি অসমৰ শিল্পীসকলৰ বাবে মুকলি কৰা হয়। ২০০০ চনতে নগাঁৱৰ সাংস্কৃতিক কৰ্মী তথা বিধায়ক ৰূপক শৰ্মা, শিল্পী কৃষ্ণমণি নাথ, ৰঞ্জিত বৰা, পিংকু বেজবৰুৱা, গৌতম বৰা আদি কেইগৰাকীমান শিল্পীয়ে নগাঁৱৰ নতুন বজাৰত জন্ম দিয়া সংগীত শিল্পী মঞ্চ নামৰ সংগঠনটোৰ এই পদক্ষেপক শলাগিছে সকলোৱে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত অসমৰ শিল্পীৰ বাবে প্ৰথমটো স্থায়ী প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম আৰম্ভ হয় আজিৰ পৰা ৪বছৰ আগতে। সংগীত শিল্পীৰ বাবে প্ৰেক্ষাগৃহটিত সকলো সুবিধা থকাৰ উপৰিও দূৰণিৰ পৰা অহা শিল্পীৰ বাবে প্ৰেক্ষাগৃহটিত দুটি বিলাসী কোঠাৰো নিৰ্মাণ কৰি থকা হৈছে । আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয়, “এই অনুষ্ঠানটি নিৰ্মাণ কৰাটো মোৰ এক সপোন আছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বে মইয়ো সংগীতৰ জগত খনৰ লগত জড়িত আছিলো। সেয়ে বিধায়ক হিচাপে এই কাম সম্পূৰ্ণ কৰিবলৈ পাই মই আনন্দিত।” আনহাতে সংগীত শিল্পী মঞ্চ আৰু বিধায়ক ৰূপক শৰ্মাৰ এই কাৰ্যক প্ৰশংসা কৰি বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে কয়, ” শিল্পীসকলৰ বহু সংগঠন আছে যদিও এনে এটি অনুষ্ঠান আজিলৈকে নিৰ্মাণ কৰাৰ বাবে কোনেও চিন্তা নকৰিলে। কিন্তু বিধায়ক ৰূপক শৰ্মা আৰু সংগীত শিল্পী মঞ্চৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰ্শ হিচাপে লোৱা উচিত।” একেদৰে কণ্ঠশিল্পী শান্তা উজীৰ, সন্ধ্যা মেনন আৰু কুইন দাসেও সংগীত শিল্পী মঞ্চ আৰু বিধায়ক ৰূপক শৰ্মাৰ এই পদক্ষেপক শলাগিলে। আজিৰ এই অনুষ্ঠানত শিল্পী কৃষ্ণমণি নাথ, সমাজকৰ্মী ৰঞ্জিত তামুলী ফুকন, দেৱেন্দৰ সিং, সংগীত শিল্পী মঞ্চৰ সভাপতি ৰঞ্জিত বৰা আৰু সম্পাদক পিংকু বেজবৰুৱাৰ লগতে নগাঁৱৰ সকলো ন-পুৰণি শিল্পীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে প্ৰাঞ্জল মহন্তই ।