বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অগপ-বিজেপি দুয়োটাকে লাগে আমগুৰি

অগপ-বিজেপি দুয়োটাকে লাগে আমগুৰি

সভা পাতি ভাগৰিছে বিধায়ক

আমগুৰি,৮ ফেব্ৰুৱাৰী : একেদিনাই ২২ খন নিৰ্বাচনী সভা আৰু ৭ টা আধাৰশিলা স্থাপন কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰীকাই । আমগুৰি সমষ্টিত চৰকাৰী আঁচনিৰ অধীনত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমগুৰি প্ৰজেক্ট পথ,কাঠকটীয়া বৰুৱা আলিৰ পৰা আমগুৰি প্ৰজেক্ট পথ, আমগুৰি চিকিৎসালয় বাসগৃহ ১ নং আৰু ২ নং পথকে ধৰি আমগুৰি সমষ্টিৰ প্ৰতিটো পঞ্চায়ততে নিৰ্বাচনী সভা পাতি ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈও চেষ্টা কৰে ।

তাৎপৰ্যপূৰ্ণ যে আমগুৰি সমষ্টিত প্ৰদীপ হাজৰিকাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তই হাজৰিকাৰ সন্মুখত এক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে মিত্ৰশক্তি বিজেপিয়েও অগপক পুনৰবাৰ সমষ্টিটো এৰি দিয়াৰ পক্ষপাতী নহয় । আমগুৰি সমষ্টিৰ তৃণমূল বিজেপি কৰ্মীসকলে ইতিমধ্যে জিলা বিজেপিৰ সম্পাদক যুৱনেতা প্ৰাঞ্জল কটকীক সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী কৰি আহিছে তেনেস্থলত আমগুৰিত যে এইবাৰ হাজৰিকাই দুই ফালৰ পৰাই তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব সেইটো নিশ্চিত ।