বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আপুৰুগীয়া গছেৰে ভৰিব সোণাৰি !

আপুৰুগীয়া গছেৰে ভৰিব সোণাৰি !

সোণাৰিত উপবনৰ কাম আৰম্ভ

সোণাৰি,৮ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ দিনজানত অনুষ্ঠিত এক বিশেষ সভাৰ পৰাই আজি সোণাৰিত হ’বলগীয়া এই উপবনৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে ।
আনহাতে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সোণাৰিত সাহিত্য মণিষী উপবনৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈয়ে ৷ এই উপবনখন চলা সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা হৈছে ৷ অসম চৰকাৰৰ কেম্পা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে সাহিত্য মনিষী উপবন। 


উল্লেখযোগ্য চৰকাৰৰ এই অভিলাসী আঁচনিৰ অধীনত প্ৰায়  হাজাৰোধিক বিভিন্ন প্ৰজাতিৰ ঔষধি আৰু আপুৰুগীয়া উদ্ভিদ ৰোপণ কৰা হ’ব। ইফালে সাহিত্য মণিষী উপবন শুভাৰম্ভৰ উদ্দেশ্যে চলা সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত হয় বিশেষ সভা। মন্ত্ৰী যোগেন মহন, বিধায়িকা নৱনীতা সন্দিকৈ , চৰাইদেউ জিলাৰ উপায়ুক্তৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে এই সভাত ৷