সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গুগলে আঁতৰালে এপ

গুগলে আঁতৰালে এপ

প্লেষ্টৰৰ পৰা আঁতৰিল ১০০ এপ

নতুন দিল্লী,৮ ফেব্ৰুৱাৰী : গুগলে আজি প্লে’ষ্টৰৰ পৰা মুঠ ১০০টা  ঋণ সংক্ৰান্তীয় এপ আঁতৰ কৰে ৷ এই শতাধিক এপে ঋণ প্ৰদানৰ নামত গ্ৰাহকৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছিল ৷ এনেদৰে তথ্য সংগ্ৰহ কৰাটো এক প্ৰকাৰ নীতি বৰ্হিভূত বুলি বিবেচনা কৰি গুগল কৰ্তৃপক্ষই এই এপসমূহ প্লে’ষ্টৰৰ পৰা আঁতৰাই দিয়ে ৷

তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই এপবোৰে এনেদৰে ব্যক্তিগত তথ্য আহৰণ কৰি উপভোক্তা জনক বিভিন্ন ধৰণে হাৰাশাস্তি কৰে আৰু আনকি কিছুমান প্ৰবঞ্চকক এই তথ্য প্ৰদান কৰাৰ ফলত উপভোক্তাই কেতিয়াবা মানসিক নিৰ্যাতনৰ বলিও হ’বলগীয়া হয় ৷