দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Business  / Region  / জীয়াই থকাৰ কোনো আশা নাছিল

জীয়াই থকাৰ কোনো আশা নাছিল

সুৰংগৰ পৰা উদ্ধাৰ ১৬ জন

নতুন দিল্লী,৮ ফেব্ৰুৱাৰী : কালি উত্তৰাখণ্ডত সংঘটিত ভয়ানক জলপ্ৰলয়ৰ পিছৰ পৰা এতিয়াও প্ৰায় ২৫০ জন লোক সন্ধানহীন হৈ আছে ৷ ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে অভিযান চলাই এটা সুৰংগৰ পৰা একেলগে প্ৰায় ১৬ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰে৷“আমি যেতিয়া সুৰংগৰ মাজত আছিলোঁ তেতিয়া কোনোবাই আমাক ওলাই আহিবলৈ আহ্বান জনাইছিল কিন্তু আমি ওলাব নোৱাৰিলোঁ ৷ পানী সোমাই আহিল,আমি তেতিয়া জীয়াই থকাৰ সকলো আশাই হেৰুৱাই পেলাইছিলোঁ ৷ অশেষ ধন্যবাদ জনাইছোঁ আমাক উদ্ধাৰ কৰি অনা সকলক”-এনেদৰে কয় এজন প্ৰাণ ৰক্ষা পৰা শ্ৰমিকে ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ,উত্তৰাখণ্ড আৰক্ষী ,ভাৰত তিব্বত সীমান্ত আৰক্ষী আদিয়ে এতিয়াও সেই অঞ্চলত অভিযান অব্যাহত ৰাখিছে ৷

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ মুখপাত্ৰ বিবেক কুমাৰ পাণ্ডেই কয় “ আমাৰ প্ৰায় ৩০০ জোৱানে ঘটনা সংঘটিত হোৱাৰ পৰাই এই সুৰংগটোত আৱদ্ধ হৈ থকা ৩০ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰাৰ কামত নিয়োজিত হৈ আছে ৷ আশা কৰিছোঁ আমি বাকী কেইজনকো উদ্ধাৰ কৰিব পাৰিম ৷ ”উল্লেখযোগ্য কালি ঢৌলীগংগা নদীৰ উৎসত বৰফ গলাৰ ফলত আকস্মিকভাৱে নদীৰ জলপৃষ্ঠ বৃদ্ধি পায় আৰু ইয়াৰ ফলত গংগা নদীৰ উপনৈবোৰৰ জলপৃষ্ঠ বৃদ্ধি পায় ৷ সেই সময়ত জলবিদ্যুত প্ৰকল্পত কাম কৰি থকা যথেষ্ট সংখ্যক শ্ৰমিক নিৰুদ্দিষ্ট হয় ৷ উক্ত জলপ্ৰলয়ৰ ঘটনাত অসমৰো তিনি জন শ্ৰমিক নিৰুদিষ্ট হোৱাৰ তথ্য আহিছে ৷