শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘ফাউল’ৰ বাবেই ‘আউল’

‘ফাউল’ৰ বাবেই ‘আউল’

মিত্ৰ হ’বলৈ গৈ শত্ৰুহে হ’ল

গুৱাহাটী,৮ ফেব্ৰুৱাৰী : ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মিত্ৰজোঁটত জন্মলগ্নৰে পৰা আউল লাগিছে ৷ মুঠ ৬টা দলক লৈ গঠন হোৱা এই মিত্ৰজোঁটত আসন ভাগ বটোৱাৰাক লৈ দেখা দিছে তীব্ৰ অসন্তুষ্টি ৷ শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন  সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফে নিজাববীয়াকৈ সৰুক্ষেত্ৰীত প্ৰাৰ্থী ঘোষণা কৰাটোৱেও তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে মিত্ৰজোঁট ঘাইকৈ কংগ্ৰেছ দলৰ মাজত ৷

উল্লেখযোগ্য যে শেহতীয়াকৈ সৰক্ষেত্ৰী সমষ্টিত দলৰ এখন সভাত ভাষণ দি দলৰ সভাপতি বদৰুদ্দিন আজমলে মীনাক্ষী ৰহমানক দলটোৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ৰাজহুৱা সভাত ঘোষণা কৰিছিল ৷ বিগত ১৯ জানুৱাৰীত কংগ্ৰেছ দলৰ নেতৃত্বত এআইউডিএফ,কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনপন্থী) আৰু অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাই এক মিত্ৰজোঁট গঠন কৰিছিল ৷ আনহাতে,দলগাওঁ সমষ্টিৰ প্ৰাৰ্থী সম্পৰ্কত এআইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে কয় “ সৰুক্ষেত্ৰীত আমি ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচন কৰিছোঁ ৷

দলগাঁৱত আমি আমাৰ প্ৰাৰ্থী সাজু কৰিছোঁ ৷ কংগ্ৰেছৰ নিজা বিধায়ক আছে সমষ্টিটোত ৷ যদি তেওঁলোক বুজাবুজিলৈ নাহে তেন্তে আমি নিজা প্ৰাৰ্থী দিম৷”গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাইয়ো প্ৰায় ১২টা সমষ্টিত প্ৰাৰ্থীত্ব দিব বিচাৰিছে বুলি দলৰ আভ্যন্তৰীণ এক সূত্ৰই প্ৰকাশ কৰিছে ৷ আনহাতে ,বাওঁ শিবিৰক লাগে নাজিৰা,মৰিগাঁও,শিৱসাগৰৰ দৰে আসন আৰু এই গোটেই কেইটা সমষ্টিতেই কংগ্ৰেছ দলৰো প্ৰাৰ্থী আছে ৷