শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মহাজোঁটক কটাক্ষ মন্ত্ৰী মহনৰ

মহাজোঁটক কটাক্ষ মন্ত্ৰী মহনৰ

আধাৰশিলাৰ ধুম সৰ্বত্ৰে

মৰাণ,৮ ফেব্ৰুৱাৰী : আজি মৰাণৰ সমীপৰ শিংৰীজান চাহবাগিচাত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক গড়কাপ্তানি আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহনে বাগিচা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে তিনিটা পথৰ  আধাৰশিলা স্থাপন কৰে। SOPD আঁচনি ২০২০-২১ বৰ্ষৰ অধীনত প্ৰায় ৫০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া তিনিটা পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত কয় যে বাগিছা অঞ্চলৰ শ্ৰমিক সকলৰ উন্নয়নৰ হকে বিজেপি চৰকাৰে কাম কৰি গৈছে আৰু আগলৈও কৰি যাব ৷ বাগিছাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অনতিপলমে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব বুলি জনাই  বিধায়ক যোগেন মহনে।
আনহাতে, মৰাণত কালি অনুষ্ঠিত কংগ্ৰেছৰ সমাবেশত  ৰিপুণ বৰাই বিজেপিক সমালোচনা কৰি যি মন্তব্য কৰিছিল তাৰ প্ৰত্যুত্তৰ হিচাপে মন্ত্ৰী যোগেন মহনে কয় “ কংগ্ৰেছ-এআই ইউডিএফৰ যি মিত্ৰজোঁট সেইয়া জোঁট নহয় মহাযঁটহে হৈছে। বিজেপিক গালি পাৰিবলৈ কোনো বিষয় বিচাৰিব পৰা নাই , শংকিত হৈছে কংগ্ৰেছ। এআইইউডি এফৰ লগত মিত্ৰতা কৰি আৰু অধিক ভুল কৰিলে কংগ্ৰেছেে ৷ ”