সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সন্ধান নাই নিৰুদ্দিষ্টৰ

সন্ধান নাই নিৰুদ্দিষ্টৰ

অসমৰ ৩ জন হেৰাল প্ৰলয়ত

নগাঁও,৮ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ৰ সময়ত নগাঁও জিলাৰ কামপুৰৰ দুজন যুৱক সন্ধানহীন হৈ পৰাৰ খবৰে  অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে আৰু এজন যুৱক সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে। সন্ধানহীন হোৱা বুলি শেহতীয়াকৈ জানিব পৰা এই যুৱকজনৰ নাম সুশান্ত ডুলি। সুশান্তৰ ঘৰ হোজাই জিলাৰ কাকীত ।সুশান্ত ডুলি হৈছে উত্তৰাখণ্ডত সন্ধানহীন হোৱা কমল দাসৰ খুলশালী। উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ উত্তৰ চাংচকীৰ একে ঘৰৰে দুই ভাতৃ উত্তৰাখণ্ডত সন্ধানহীন  হোৱা ঘটনাই  ইতিমধ্যে সমগ্ৰ কামপুৰ অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই যুৱক কেইজনৰ। যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকল শংকিত হৈ পৰিছে । উল্লেখযোগ্য যে উত্তৰাখণ্ডত হোৱা জলপ্ৰলয়ে জীৱন্তে উটুৱাই নিয়ে প্ৰায় ১৫০ জনৰো অধিক লোকক ৷ বৰফ গলি বিস্ফোৰণ হোৱাৰ ফলত চামোলী জিলাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। এটা সূত্ৰৰ পৰা জানিব পৰামতে এই বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ে পলকতে ধ্বংস স্তুপত পৰিণত কৰিছিল এটা অট্টালিকা ৷

সেইখিনি সময়ত অট্টালিকাটোৰ  ভিতৰত ২১ জন লোক আছিল । ইয়াৰ ভিতৰত অসমৰো এই তিনিজন যুৱক ক্ৰমে কমল দাস , অমৰজ্যোতি দাস আৰু সুশান্ত ডুলি আছিল। যাৰ বাবে যুৱক তিনিজন জলপ্ৰলয়ত সন্ধানহীন হোৱাৰ আশংকা প্ৰৱল হৈ উঠিছে। আজি কামপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় কামপুৰ চক্ৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । চক্ৰবিষয়া গৰাকীয়ে চৰকাৰী ভাৱে কোনো তথ্য পোৱা নাই বুলি জনাইছে।সন্ধানহীন কমল দাসৰ এটি পাচঁমহীয়া কণমানি সন্তানো আছে। বৰ্তমানেও সন্ধানহীন হৈ থকা যুৱক তিনিজনৰ পৰিয়ালৰ লোকে যুৱক তিনিজনক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।