শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আঙুৰক দেখি নয়নো বিজেপিলৈ

আঙুৰক দেখি নয়নো বিজেপিলৈ

কংগ্ৰেছে আমুৱালে নয়নক

নগাঁও, ৯ ফেব্ৰুৱাৰী : বটদ্ৰৱা সমষ্টিৰ দলংঘাটত আজি গেৰুৱা বসন পিন্ধিলে  চলচ্চিত্ৰ অভিনেতা নয়ন নিৰ্বান বৰুৱাই । পূৰ্বতে কংগ্ৰেছ দলত যোগদান কৰা অভিনেতা নয়ন নিৰ্বান বৰুৱাই ‘কা’ আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল ৷ কংগ্ৰেছ দলত থাকি বিশেষ একো সুবিধা কৰিব নোৱাৰা “কা” বিৰোধী শিল্পীজনে আজি ৰং সলাই দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠপ্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধে।

দলংঘাট দৌল মন্দিৰ প্ৰাংগনত  ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠপ্ৰমুখ সন্মিলন আৰু যোগদান শিবিৰত বিধায়িকা আঙুৰলতা ডেকা, বিজেপি দলৰ বটদ্ৰৱা সমষ্টিৰ প্ৰভাৰী মনোজ বৰুৱা আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থকা এই যোগদান কাৰ্যসূচীতে নয়ন নিৰ্বান বৰুৱাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেত্ৰী ভাৰতী কলিতা, অভিনেতা বিপুল বৰা, অবিনাশ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী শিল্পী, কলা-কুশলীৰ লগতে কংগ্ৰেছ আৰু অগপ দলৰ কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ইফালে, এই যোগদান কাৰ্যসূচীৰ পাছতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধুপগুৰিত কালি অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এখন সভাত “শংকৰদেৱ জিন্দাবাদ” আৰু “শংকৰদেৱ চাহাব” বুলি ধ্বনি দিয়া কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

বিধায়িকাগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় “অশুভ শক্তিৰ বিৰুদ্ধে বিজেপিয়ে সদায় মাত মাতি আহিছে ৷ জাতি-ভেটি-মাটিৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা, বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি ? গুৰুজনাৰ জন্মভূমিলৈ আহি ৰাজ্যৰ এজন জনপ্ৰতিনিধি আৰু এটা দলৰ মূৰব্বীয়ে যেতিয়া এনেদৰে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়ে, তেতিয়াই বুজিব পাৰি অসম কিমান সুৰক্ষিত তেওঁলোকৰ হাতত ৷ আচলতে গুৰুজনাক ভালদৰে নজনাকৈ, গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিক অধ্যয়ন নকৰাকৈ তেওঁলোকে কি দৰে অসমক সুৰক্ষা দিব তাক সহজেই অনুমান কৰিব পাৰি ৷ ”

তেওঁ লগতে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই কৈ থকা সভ্যতাৰ যুঁজ এইখনেই ৷ আমাৰ সভ্যতাই কেতিয়াও শংকৰদেৱ জিন্দাবাদ ধ্বনি দি পোৱাই নাই ৷ আমি সদায় “জয় গুৰু শংকৰ” বুলিহে জয়ধ্বনি দিওঁ ৷ বিধায়কাগৰাকীয়ে আৰু কয় যে বিধানসভা এনেকুৱা এডোখৰ ঠাই য’ত নেকি অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিকে ধৰি বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে এইবোৰ উত্থাপন কৰা হয় ৷ গতিকে গুৰুজনাক ভালদৰে চিনি নোপোৱা এই ধৰণৰ এজন মূৰব্বীয়ে পঠিওৱা সদস্য যেতিয়া বিধানসভালৈ যাব, তেতিয়া অসমখন কোনফালে গতি কৰিব বা অসমৰ সংস্কৃতি কোন দিশে ধাৱমান হ’ব সেয়া সহজেই বুজিব পাৰি ৷

” শংকৰদেৱ জিন্দাবাদ ধ্বনিয়ে অসমীয়া জাতি সত্ত্বাক আৰু গুৰুজনাক অপমান কৰিছে বুলি উল্লেখ কৰি বিধায়িকাগৰাকীয়ে অনতিপলমে ৰাজ্যবাসীৰ ওচৰত এ আ ই ইউ ডিএফৰ মূৰব্বীগৰাকীক ক্ষমা খুজিবলৈ দাবী জনাই লগতে কয় যে এনে ধৰণৰ মন্তব্যই অসমত পৰৱৰ্তী সময়ত অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহণা যোগাব ৷ এনে কাণ্ডই আচলতে অসমীয়া সংস্কৃতিৰ প্ৰতি একপ্ৰকাৰে ভাবুকি কঢ়িয়াই আনিছে ৷ তেওঁ প্ৰসংগক্ৰম বদৰুদ্দিন আজমলে বটদ্ৰৱা থানৰ আকাশীগংগাৰ পাৰত আজিৰ পৰা কেবাবছৰৰ আগতে সৌন্দৰ্যবৰ্দ্ধনৰ এক আধাৰশিলা স্থাপন কৰিও একো নকৰাৰ কথাটো উল্লেখ কৰি কয় যে এই সকলৰ মুখত হে গুৰুজনা আছে অন্তৰত নাই ৷ সেয়ে গুৰুজনাক লৈ এনে নিকৃষ্ট ৰাজনীতি কৰাৰ ধৃষ্টতা কৰিব পাৰিছে ৷