সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / তাৰ মুখখন চাবলৈ বৰ মন গৈছে…

তাৰ মুখখন চাবলৈ বৰ মন গৈছে…

গুৰুতৰভাৱে অসুস্থ অখিলৰ মাতৃ

যোৰহাট,৯ফেব্ৰুৱাৰী : “মই জীয়াই নাথাকিম, তাৰ মুখখন চাবলৈ বৰ মন গৈছে” -প্ৰায় পোন্ধৰ মাহ সময় কাৰাগাৰত বন্দী কৰি থোৱা অখিল গগৈক চাবলৈ অসুস্থ মাতৃয়ে এনেদৰে ইচ্ছা ব্যক্ত কৰে আজি। উল্লেখযোগ্য যে ২০১৯ চনৰ ১২ ডিচেম্বৰত কা আন্দোলনৰ সময়ত ১৩ টাকৈ ভুৱা গোচৰ জাপি দি সম্পূৰ্ণ পক্ষপাতিত্বমূলকভাৱে বন্দী কৰি ৰাখিছে কৃষক নেতা অখিল গগৈক ।অখিলৰ চিন্তাতে বাৰে বাৰে অসুস্থ হৈ পৰিছে মাতৃ প্ৰিয়দা গগৈ ।

যোৱা নিশাও মাতৃ প্ৰিয়দা গগৈৰ ছুগাৰ বৃদ্ধি হৈ চকুৰে নেদেখা হৈ পৰাৰ লগতে জ্বৰ বমি আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । কিন্তু বিনাদোষত আজি অতদিনে কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত জীৱন অতিবাহিত কৰি থকা একমাত্ৰ পুত্ৰৰ চিন্তাত মানসিক আৰু শাৰীৰিক ভাৱে ভাগি পৰা প্ৰিয়দা গগৈৰ মুখত মাত্ৰ এটা কথাই বাৰে বাৰে ফুটি উঠিছে ” মই আৰু জীয়াই নাথাকিম , মৰাৰ আগতে ল’ৰাটোৰ মুখখন চাবলৈ বৰ মন গৈছে ৷ ” ৭০ৰ দেওনা গৰকা বৃদ্ধাগৰাকীৰ এই কাতৰ আহ্বানে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত ডাক্তৰ নাৰ্চৰ লগতে উপস্থিত থকা সকলোৰে চকু সেমেকাই তুলিছে , আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ফেচিষ্ট শাসনক একমুখে গৰিহণা দিছে ৷