শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মাজুলীলৈ দলং বোলে হ’ব !

মাজুলীলৈ দলং বোলে হ’ব !

ধন আবণ্টন দিলে চৰকাৰে

যোৰহাট,৯ ফেব্ৰুৱাৰী : অৱশেষত যোৰহাট আৰু মাজুলী সংযোগী দলংখন হ’বগৈ । বহু জল্পনা কল্পনা আৰু বিতৰ্কৰ অন্তত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে যোৰহাট আৰু মাজুলী সংযোগী এই দলংখন নিৰ্মাণৰ কাৰণে ইতিমধ্যে ৯২৫ কোটি টকা আৱন্টন কৰিছে বুলি আজি ঘোষণা কৰাৰ লগতে ৮ কি.মি দৈঘ্যৰ দলঙখনৰ কাম ৪ বছৰত সম্পূৰ্ণ কৰিবলৈ মেচাৰ্ছ ষ্টেট ব্ৰীজ কৰ্পৰেশ্যন লিমিটেড নামৰ এটা সংস্থাক দায়িত্ব প্ৰদান কৰিছে বুলিও ৰাষ্ট্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে জনাইছে । উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে পৰিচিত মাজুলীৰ যাতায়াত ব্যৱস্থাত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাতায়াতৰ ক্ষেত্ৰত আজি অতদিনে ভুগি অহা সমস্যাৰ পৰা মাজুলীবাসীক পৰিত্ৰাণ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰীক ধন্যবাদ জ্ঞাপন কৰে।