দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মৰাণত মৰণাস্ত্ৰৰ ভৰ

মৰাণত মৰণাস্ত্ৰৰ ভৰ

আভিজাত্যৰ প্ৰতীক নহয় মৰণাস্ত্ৰ

চৰাইদেউ, ৯ ফেব্ৰুৱাৰী : ” যধেমধে, অপ্ৰয়োজনীয় ভাৱে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি চৰাইদেউ জিলা বিশেষকৈ জিলাখনৰ মৰাণ তথা পাৰ্শ্ববৰ্তী এলেকাত পুনৰ সামাজিক পৰিস্থিতি বিশৃংখল কৰিব বিচাৰিছে নেকি চৰকাৰে ? যদিহে আইন শৃংখলা অটুত ৰাখিব বিচাৰিছে তেনেহলে অপ্ৰয়োজনীয় ভাৱে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা কাৰ্য অতিশীঘ্ৰে বন্ধ কৰক আৰু নীতিবহিৰ্ভূতভাৱে প্ৰদান কৰা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰক”- এই দাবী সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাৰ।  মৰাণত অপ্ৰয়োজনীয় ভাৱে আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা সকলৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীত মৰাণৰ সমীপৰ চেপনত সদৌ অসম ছাত্ৰ সন্থা,চেপন আঞ্চলিক সমিতিৰ উদ্যোগত আজি ২ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি এনেদৰে মন্তব্য কৰে ছাত্ৰ নেতাজনে।

উল্লেখযোগ্য যে, ৰাজ্যত পুনৰ গুপ্ত আৰু মুক্ত হত্যাৰ ব্লু প্ৰিন্ট  বিজেপি আৰু অগপ নেতাই প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছে আছুৰ প্ৰতিবাদীসকলে৷ ইফালে মাহমৰা সমষ্টিত বিজেপিৰ নেতা-কৰ্মীক আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপজ্যোতি ভূঞাৰ লগতে চেপন আঞ্চলিক সমিতিৰ বিষয় ববীয়াই। মন কৰিবলগীয়া যে মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভালেসংখ্যক বিজেপি দলৰ যুৱ মৰ্চাৰ সদস্যৰ লগতে গাঁও পঞ্চায়তৰ বিজেপিৰ দলৰ সভাপতি -সদস্যলৈকে বিভিন্ন জনে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বিষয়ে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । তাৰ পিছতো কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল। যাৰ ফলত এতিয়া চৰকাৰৰ গৃহ বিভাগৰ ওপৰত ক্ষোভ উজাৰি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা লগতে অপ্ৰয়োজনত অনুজ্ঞা পত্ৰ সংগ্ৰহ কৰি আগ্নেয়াস্ত্ৰ লোৱা যুৱকসকলৰ পৰা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ বাতিল কৰি আগ্নেয়াস্ত্ৰ জব্দ কৰিবলৈও দাবী জনায়। লগতে কয় যে “যদিহে শীঘ্ৰে এই আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ বাতিল নকৰে তেন্তে অনাগত দিনত মাহমৰা সমষ্টিত আগ্নেয়াস্ত্ৰৰ জড়িয়তে দেৱালীৰ ফটকা ফুটা দৰেই ঘটনা সংঘটিত হ’ব । এই ঘটনাত বহু নিৰীহলোকে  বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে মাত মতা ফলত প্ৰাণ হেৰুৱাব পাৰে, সেয়েহে সময় থাকোঁতেই উচিত পদক্ষেপ গ্ৰহণ কৰক চৰকাৰে ৷ ”