দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / যন্ত্ৰৰ বাবেই মহাপ্ৰলয় !

যন্ত্ৰৰ বাবেই মহাপ্ৰলয় !

জলপ্ৰলয়ৰ আঁৰত যন্ত্ৰহে

নতুন দিল্লী,৯ফেব্ৰুৱাৰী : উত্তৰাখণ্ডত যোৱা দেওবাৰে সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাটোৰ মূল কাৰণ এক অপ্ৰাকৃতিক ঘটনা বুলি স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে ৷ আনকি এনে এক ঘটনা সংঘটিত হ’ব পাৰে বুলি উক্ত বিশেষ অঞ্চলটোৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি সন্দেহ তথা শংকা প্ৰকাশ কৰি আহিছিল ৷  আকস্মিকভাৱে গ্লেছিয়াৰ ফাটি ভয়ানক পৰিস্থিতি সৃষ্টি কৰা এই ঘটনাটো ১৯৬৫ চনত ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থাই নন্দা দেৱী শৃংগত স্থাপন কৰা এক বিশেষ তেজস্ক্ৰিয় যন্ত্ৰৰ বাবেই সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে কব বিচাৰে ৷ স্থানীয় লোকৰ এই সন্দেহৰ মূল কাৰণ হ’ল ঘটনাটোৰ সময়ত নিৰ্গত হোৱা এক অত্যন্ত অস্বাভাৱিক গোন্ধ যাৰ বাবে স্থানীয় লোকসকলৰ শ্বাস-প্ৰশ্বাসত যথেষ্ট কষ্ট হৈছিল ৷

উল্লেখযোগ্য যে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পাছত দুই দেশৰ মাজত সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছিল ৷ আনহাতে ১৯৬৪ চনত চীন চৰকাৰে সীমান্তৰ পৰা কিছু দূৰৰ ল’প ন’ৰ নামৰ স্থানত সেই দেশৰ প্ৰথমটো আণবিক বোমাৰ বিস্ফোৰণ ঘটাইছিল ৷ চীনৰ এই আণবিক বোমাৰ বিস্ফোৰণে কেবল যে ভাৰতৰ বাবেই দুচিন্তাৰ কাৰণ আছিল,এনে নহয় ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেও চীনৰ আণবিক শক্তি এক গভীৰ দুচিন্তাৰ কাৰণ হৈ পৰিল ৷ সেইবাবে ১৯৬৫ চনত আমেৰিকাৰ গুপ্তচৰ সংস্থা চি আই এ ভাৰত চৰকাৰৰ গুপ্তচৰ সংস্থা আই বিৰ সহযোগত ভাৰতৰ সুৰ্বোচ্চ শৃংগ নন্দাদেৱীত এক বিশেষ তেজস্ক্ৰিয় যন্ত্ৰ স্থাপন কৰিবলৈ পৰিকল্পনা কৰিলে যাতে চীন দেশৰ দ্বাৰা সম্পাদন কৰা সকলো আণবিক তথা পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে ভাৰত চৰকাৰৰ লগতে আমেৰিকাৰ চৰকাৰ অৱগত হৈ থাকে ৷

কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই তেজস্ক্ৰিয় যন্ত্ৰ নন্দা দেৱীৰ শৃংগত হেৰাই যায় ৷ পৰৱৰ্তীকালত বহুত চেষ্টা কৰিও ভাৰত তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এই তেজস্ক্ৰিয় যন্ত্ৰ বৰফৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে ৷ নন্দা দেৱীৰ পাদদেশত থকা বাসিন্দাসকলে এই তেজস্ক্ৰিয় বিশেষ যন্ত্ৰটো বৰফৰ মাজত হেৰাই যোৱাৰ বিষয়ে অৱগত হৈছিল তথা সময়ে সময়ে এই যন্ত্ৰটোৰ পৰা বিকিৰণ হোৱা শক্তিয়ে যে এদিন বৰফ গলাই প্ৰচণ্ড হিমপ্ৰবাহৰ সৃষ্টি কৰিব পাৰে,তাকে লৈ শংকা প্ৰকাশ কৰি আহিছিল ৷ আনকি ২০১৮চনত সেইসময়ৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজে এই যন্ত্ৰটো উদ্ধাৰ কৰিবলৈ সংসদত আহ্বান জনাইছিল ৷ গতিকে অতি আকস্মিকভাৱে নন্দা দেৱীৰ পাদদেশৰ চামোলী জিলাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ মূল কাৰণ এক বিশেষ তেজস্ক্ৰিয় যন্ত্ৰ বুলি সন্দেহ কৰা হৈছে ৷