বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Entertainment  / Cinema  / ৰাজীৱ কাপুৰ আৰু নাই

ৰাজীৱ কাপুৰ আৰু নাই

হৃদৰোগত আক্ৰান্ত হৈ সাৱটিলে মৃত্যুক

মুম্বাই,৯ ফেব্ৰুৱাৰী : বলিউদৰ অভিনেতা ৰাজীৱ কাপুৰ আৰু নাই ৷ আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে ৷ আশীৰ দশকৰ জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৮ বছৰ ৷ তেওঁ বলিউদৰ চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ কনিষ্ঠ পুত্ৰ আছিল ৷ তেওঁৰ আন দুজন ভাতৃ আছিল ক্ৰমে ৰণধীৰ কাপুৰ আৰু ঋষি কাপুৰ ৷ ‘ৰাম তেৰী গংগা মিলি’ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে তেওঁক চলচ্চিত্ৰপ্ৰেমীয়ে সদায় মনত ৰাখিব ৷