বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অ’তো নাহিলোঁ খায় ত’তো পাবলৈ নাই…

অ’তো নাহিলোঁ খায় ত’তো পাবলৈ নাই…

অজন্তাৰ দিন উকলিল

গোলাঘাট,১০ ফেব্ৰুৱাৰী : গোলাঘাটৰ পুৰণি বিজেপি কৰ্মীয়ে সহজে ল’ব পৰা নাই ন বিজেপি প্ৰাক্তন বিধায়িকা অজন্তা নেওগক । নিৰ্বাচনৰ সময় যিমানে ওচৰ চাপি আহিছে অজন্তা পন্থী বিজেপি আৰু গোলাঘাটৰ পুৰণা বিজেপিৰ মাজত সংঘাতো বেছি হৈ আহিছে। আজি গোলাঘাটৰ মাটিখোলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত আঠগাঁৱত এখন কৰ্মীসভাত ন বিজেপি অজন্তা নেওগৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ জনায় । অজন্তা নেওগক কোনো কাৰণতে বিজেপিৰ তৃণমূল কৰ্মীয়ে গোলাঘাটত মানি নলয় বুলি উল্লেখ কৰি গোলাঘাট জিলা বিজেপিৰ নেতা ৰাকেশ বৰুৱাই কয়  ” তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে অশেষ কষ্ট কৰি গোলাঘাটত বিজেপিৰ স্থিতি মজবুত কৰিবলৈ এইবাৰ সক্ষম হৈছে । অজন্তা নেওগে হাৰিব বুলি জানিয়ে নিৰ্বাচনৰ আগমূহুৰ্তত কংগ্ৰেছ ত্যাগ কৰি বিজেপি লৈ আহিছে । আমাৰ ইমান দিনৰ কষ্টৰ ফল বিজেপিত যোগদান কৰিলে বুলিয়ে অজন্তা নেওগক খাবলৈ নিদিওঁঁ ৷ গোলাঘাটত বিজেপিৰ পুৰণা কৰ্মী এগৰাকীক টিকট দিব বুলি আমি আশাবাদী । “