সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আত্মৰক্ষা কেনেকৈ কৰিব

আত্মৰক্ষা কেনেকৈ কৰিব

সুৰক্ষিত হৈ থকাৰ কিটিপ শিকিলে ছাত্ৰীয়ে

গুৱাহাটী,১০ ফেব্ৰুৱাৰী : কামৰূপ মহানগৰ জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা মহিলা শক্তি কেন্দ্ৰৰ যৌথ উদ্যোগত ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ অধীনত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্ম সুৰক্ষাৰ এক সপ্তাহযোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ  অলপতে অন্ত পৰে ৷ মহাবিদ্যালয়খনৰ এন এছ এছ গোটৰ সহযোগিতাত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা আত্ম সুৰক্ষাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ৪০ গৰাকী ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

ছাত্ৰীসকলৰ মনত গভীৰ আত্মবিশ্বাস গঢ়ি তোলাই এই প্ৰশিক্ষণৰ প্ৰধান উদ্যেশ্য যাতে  জীৱনৰ বাটত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সহজতে অতিক্ৰম কৰিব পাৰে । প্ৰশিক্ষণৰ সামৰণিৰ অনুষ্ঠানত উপস্থিত থাকি জিলা সমাজ কল্যাণ বিষয়া  কুঞ্জলতা লাচনে বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত জিলাখনত ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰাৰ লগতে ছাত্ৰীসকলৰ আত্ম সুৰক্ষাৰ প্ৰশিক্ষণে প্ৰতিগৰাকী ছাত্ৰীকে প্ৰৱল আত্মবিশ্বাসী কৰি গঢ়ি তুলিব বুলি উল্লেখ কৰে ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° উৎপল দত্তই ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ এনেধৰণৰ প্ৰচেষ্টাই কন্যা সন্তান সকলৰ ভবিষ্যৎ সুৰক্ষিত কৰাত অধিক অৰিহণা যোগাব বুলি উল্লেখ কৰে ।প্ৰশিক্ষণৰ সামৰণিৰ অনুষ্ঠানত জিলা সমাজ কল্যাণ আৰু জিলা মহিলা শক্তি কেন্দ্ৰৰ বিষয়াসকল উপস্থিত থাকি অংশগ্ৰহণকাৰী ছাত্ৰীসকলক প্ৰশিক্ষণৰ প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে ।মহাবিদ্যালয়খনৰ প্ৰৱক্তাসকলৰ লগতে এন এছ এছ ৰ সদস্যাসলো অনুষ্ঠানত উপস্থিত থাকে ।