বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আৰু প্ৰতাৰণা নহ’ব !

আৰু প্ৰতাৰণা নহ’ব !

আছাই কঁপালে যোৰহাট

যোৰহাট,১০ ফেব্ৰুৱাৰী : জনজাতিৰণ আৰু মজুৰি বৃদ্ধিৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি আওকাণ কৰি কেৱল ভোটৰ স্বাৰ্থত প্ৰতিবাৰৰ দৰেই চাহ জনগোষ্ঠীৰ লোকসকলক এইবাৰো নিৰ্বাচনৰ আগে আগে ৩,০০০‌টকা দি বিজেপি চৰকাৰে কৰা‌ প্ৰতাৰণাৰ প্ৰতিবাদত আজি যোৰহাট জিলা আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰণহুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰে । যোৰহাট জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি চাহজনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু ৩৫১ টকা  দৈনিক মজুৰি প্ৰদানৰ দাবীৰে ৰাজপথ উত্তাল কৰি তোলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আটছাৰ যোৰহাট জিলা‌ সমিতিৰ সভাপতি কিৰণ তাঁতীয়ে সাংবাদিকৰ আগত মত কয় ” ২০১৬ চনৰ নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰধান দাবী জনজাতিৰ মৰ্যদা প্ৰদান আৰু মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বিজেপিয়ে সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নকৰিলে । ২০১৭ চনত ৩৭ টকা মজুৰি বঢ়াই ১৬৭ টকা কৰিয়ে দায় সামৰি নিৰ্বাচনৰ আগত ৩,০০০ কৈ টকা দি চাহজনগোষ্ঠীৰ লোকসকলক যি চূড়ান্ত প্ৰতাৰণা কৰিছে তাক ধিক্কাৰ দিছোঁঁতে । বিজেপিৰ এই চৰম প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ২১ ৰ নিৰ্বাচনত।”