বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইবাৰ বিহাৰক ৰাখোঁতা নাই !

এইবাৰ বিহাৰক ৰাখোঁতা নাই !

উদ্যোগী আৰু উদ্যমীয়ে ভৰি পৰিব বিহাৰ

পাটনা,১০ ফেব্ৰুৱাৰী : বিহাৰৰ উদ্যোগ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই শ্বেহনেৱাজ হুছেইনে কয় যে বিহাৰত যথেষ্ট আন্তঃগাঁথনি আছে যদিও কিন্তু সেইবোৰ বিশেষভাৱে কৰ্মক্ষম হৈ থকা নাই ৷ নতুনকৈ বিভাগটোৰ মন্ত্ৰী হৈয়ে তেওঁ ঘোষণা কৰে যে তেওঁ তেওঁৰ বিভাগটোৰ জৰিয়তে যথেষ্ট সংখ্যক যুৱকক কৰ্মসংস্থাপন দিয়াৰ লক্ষ্য স্থিৰ কৰিছে ৷ “আমাৰ চৰকাৰে নিয়োগ তথা উদ্যমীতাত গুৰুত্ব প্ৰদান কৰিব ৷ ৰাজ্যখনৰ আন্তঃগাঁথনি আছে যদিও সেইবোৰ সদব্যৱহাৰ নোহোৱাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে ৷ আমি যিমান পাৰোঁ কৰ্মসংস্থাপন বৃদ্ধিত গুৰত্ব দিম আৰু প্ৰতিশ্ৰুতি পালনৰ চেষ্টা কৰিম ৷ ”হুছেইনে বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক প্ৰশংসা কৰি কয় যে তেওঁ যথেষ্ট অভিজ্ঞ ৷ তেওঁৰ অভিজ্ঞতাই ৰাজ্যখনৰ উন্নয়নত সহায় কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে ৷