মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড

ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড

ভুৱা হিতাধিকাৰীৰ বিপদ

যোৰহাট,১০ ফেব্ৰুৱাৰী : যোগ্যতাবিহীন পৰিয়ালক ৰেচন কাৰ্ড উভতাই দিবলৈ আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে যোৰহাটবাসীলৈ জাননী জাৰি কৰে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্মি অপাৰঞ্জি কাৰাটিয়ে । দৰিদ্ৰ পৰিয়ালক খাদ্যৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ হেতু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত প্ৰদান কৰা ৰেচন কাৰ্ড যোৰহাটৰ বহুতো আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালেও উপভোগ কৰি থকা বুলি হোৱা অভিযোগৰ ভিত্তিত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত উক্ত পৰিয়ালসমূহে নিজৰ কাৰ্ড যোৰহাট আৰু তিতাবৰ মহকুমাৰ যোগান বিভাগৰ কাৰ্যালয়ত ঘূৰাই দিবলৈ অনুৰোধ জনায় । অন্যথা উক্ত পৰিয়ালসমূহৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি যোৰহাট জিলা প্ৰশাসনে আজি এইদৰে জাননীত উল্লেখ কৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই কয়“কেৱল যোৰহাটতে নহয় বেছিভাগ ঠাইতেই হিতাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে বিজেপি নেতাৰ অঙহীবঙহী ৷ প্ৰকৃত যিসকল লোক উপকৃত হ’ব লাগে,তেনেলোক হোৱা নাই উপকৃত ৷ বিভিন্ন জনে অভিযোগ কৰাৰ পিছত এতিয়া এনে নিৰ্দেশ দিবলৈ বাধ্য হৈছে ৷ ”