সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চৰণেহে জানে মৰণৰ ঠাই

চৰণেহে জানে মৰণৰ ঠাই

সুগভীৰ পানীৰ পৰা উদ্ধাৰ মহিলা

পাঞ্জীম,১০ ফেব্ৰুৱাৰী : এজন নৌবাহিনীৰ কমাণ্ডোৱে আজি গোৱাৰ মানদভী নদীত বুৰিব খোজা মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আকস্মিকভাৱে  মানদভী দলঙৰ পৰা এগৰাকী মহিলাক নদীত পৰি যোৱা দেখিছিল নৌবাহিনীৰ কামাণ্ডো এজনে ৷ লগে লগে এখন নাও মহিলাগৰাকীক উদ্ধাৰৰ বাবে গৈছিল যদিও কামাণ্ডোজনেহে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰৰ পিছতেই মহিলাগৰাকীক নৌসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰা হয় ৷ মহিলাগৰাকী বৰ্তমান সুস্থ বুলি নৌসেনাৰ সূত্ৰই জনাইছে ৷ উল্লেখযোগ্য ,নদীখন অত্যন্ত দ’ আৰু খৰস্ৰোতা ,সাধাৰণ মানুহৰ বাবে তাৰপৰা মহিলাগৰাকীক উদ্ধাৰ কৰাতো সম্ভৱ নহ’লহেঁতেন ৷