সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / টুইটাৰে বন্ধ কৰিলে ৫০০ একাউণ্ট

টুইটাৰে বন্ধ কৰিলে ৫০০ একাউণ্ট

অসন্তুষ্ট টুইটাৰ কৰ্তৃপক্ষ

নতুন দিল্লী,১০ ফ্ৰেব্ৰুৱাৰী : বিগত দুমাহতকৈ অধিক দিন দিল্লীৰ সীমান্ত উতপ্ত কৰি ৰখা কৃষক বিক্ষোভৰ লগত জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক তথা টুইটাৰৰ সমন্ধ অনস্বীকাৰ্য ৷ কৃষক বিক্ষোভৰ নেতাসকলে উক্ত দুই সামাজিক মাধ্যমৰ জৰিয়তে দেশ-বিদেশৰ লাখ লাখ সমৰ্থকৰ লগত সম্পৰ্ক ৰক্ষা কৰি বিক্ষোভ অধিক তীব্ৰতৰ কৰি অহা বুলি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মহলে দাবী কৰি আহিছে ৷ তাৰোপৰি বিশষ কিছুমান টুইটাৰ একাউণ্টৰ যোগেদি নতুন কৃষি আইনৰ বিপক্ষে ভ্ৰান্তমূলক প্ৰচাৰ কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি চৰকাৰৰ তীব্ৰ চাপৰ বাবে টুইটাৰৰ এক শীৰ্ষ বিষয়াই সদ্যহতে পদত্যাগ কৰিবলগীয়া হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে সৰ্বমুঠ ১২৭০ টুইটাৰ একাউণ্টৰ যোগেদি কৃষি আইন সম্পৰ্কত বিভিন্ন ভ্ৰান্তমূলক তথ্য প্ৰচাৰ কৰি অহা বুলি অভিযোগ কৰি এই বিশেষ একাউণ্টবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল ৷ আনহাতে টুইটাৰ কৰ্তৃপক্ষই উক্ত ১২৭০ একাউণ্টৰ মাত্ৰ ৫০০ একাউণ্টহে বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে ৷ টুইটাৰ কৰ্তৃপক্ষৰ মতে ভাৰত চৰকাৰে দাখিল কৰা এই ১২৭০ একাউণ্টৰ অনেক একাউণ্ট ৰাজনীতিবিদ,সংবাদকৰ্মী তথা সামাজিক কৰ্মী ৷ এই তিনি শ্ৰেণীৰ ব্যক্তিৰ টুইটাৰ একাউণ্ট কোনো কাৰণত বন্ধ কৰা নহব বুলি টুইটাৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে ৷ টুইটাৰ কৰ্তৃপক্ষৰ মতে ভাৰতৰ সংবিধানে প্ৰদান কৰা বাক স্বাধীনতাৰ আধাৰতে ৰাজনীতিবিদ,সংবাদকৰ্মী তথা সামজিক কৰ্মীসকলে চৰকাৰৰ সমালোচনা কৰি গণতন্ত্ৰ শক্তিশালী কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷ গতিকে এই তিনি শ্ৰেণীৰ ব্যক্তিৰ টুইটাৰ একাউণ্ট বন্ধ কৰাৰ কোনো যুক্তি নাই বুলি টুইটাৰ কৰ্তৃপক্ষই ভাৰত চৰকাৰক আনুষ্ঠানিক ভাৱে জনাইছে ৷ টুইটাৰ কৰ্তৃপক্ষৰ এই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত চৰকাৰে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে ,সেইটো লক্ষণীয় হ’ব ৷