শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নীতিশ আহিছে দিল্লীলৈ

নীতিশ আহিছে দিল্লীলৈ

বিহাৰক উন্নত কৰাৰ পৰামৰ্শ বিচাৰিব দিল্লীত

পাটনা,১০ ফেব্ৰুৱাৰী : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আজি দিল্লীত আহি উপস্থিত হৈছেহি ৷ কাইলৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ৷ উল্লেখযোগ্য যে কালি নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল ৷ এই সম্প্ৰসাৰণত বিজেপিৰ ৯ গৰাকী আৰু জনতা দল ইউনাইটেডৰ ৮ গৰাকী সদস্য মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় ৷ নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত এইয়াই হ’ব প্ৰধানমন্ত্ৰী গৰাকীৰ লগত প্ৰথম সাক্ষাৎ ৷ এই যাত্ৰাৰ সময়ত তেওঁ বিভিন্ন জ্যেষ্ঠ নেতাৰ লগত বিহাৰৰ উন্নয়নৰ বাবে পৰামৰ্শৰ লগতে কৌশল নিৰ্ধাৰণ কৰাৰ আাশা আছে বুলি জনাই দলটোৰ জনতা দল(ইউ)ৰ মুখপাত্ৰ কে.চি ত্যাগীয়ে ৷