সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / সোণাৰি আবৰ্তভৱনত জুই !

সোণাৰি আবৰ্তভৱনত জুই !

অনুশীলন চলালে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে

সোণাৰি,১০ ফেব্ৰুৱাৰী : সোণাৰি আৱৰ্ত ভৱনত জুই লগাত হঠাৎ হুৱাদুৱা লাগিল সোণাৰিত। ছাইৰেণ বজাই তৎক্ষণাৎ আৱৰ্ত ভৱনত উপস্থিত হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ লোক। লগে লগে সেই স্থানত উপস্থিত হ’ল চিকিৎসা কৰ্মীৰ লোক।  জুই নুমোৱাত ব্যস্ত হৈ পৰিল অগ্নিনিৰ্বাপক বাহিনীৰ লোক সকল। আঘাতপ্ৰাপ্ত লোক সকলৰ পৰিচৰ্যাত ব্যস্ত হৈ পৰিল চিকিৎসা কৰ্মীসকল। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিল চৰাইদেউ আৰক্ষী।


 মুঠৰ ওপৰত এক শ্বাসৰুদ্ধকৰ পৰিৱেশ । অৱশেষত উৰহী গছৰ ওৰ ওলাল। সোণাৰি আৱৰ্ত ভৱনত জুই লগা নাছিল। সেয়া আছিল এক অনুশীলন।
উল্লেখ্য যে আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে চৰাইদেউ জিলাত ‘ইনছিডেণ্ট ৰেচপনছ চিছটেম’ৰ ওপৰত টেবুল টপ এণ্ড ম’ক ড্ৰিল এক্সাৰচাইজৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে সোণাৰিৰ আৱৰ্ত ভৱনত এই অনুশীলন কৰে চৰাইদেউ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে।