শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / আকৌ যাব ন্যায়ালয়লৈ

আকৌ যাব ন্যায়ালয়লৈ

অখিল গগৈৰ জামিন আৱেদন খাৰিজ

গুৱাহাটী,১১ফেব্ৰুৱাৰী : ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ অপৰাধত কাৰাগাৰত আছে কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ নিয়াৰ এটা গোচৰৰ ভিত্তিত অখিল গগৈৰ জামিন আৱেদন উচ্চ ন্যায়ালয়ত  নাকচ হৈছিল বিগত ৭ জানুৱাৰীত ৷ ইয়াৰ পিছত গগৈৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত জামিনৰ আৱেদন জনাইছিল আৰু আজি ন্যায়ালয়ে এই পৰ্যায়ত গোচৰটো আগবঢ়াব পৰা নাযাব বুলি জনায় ৷ ইয়াৰ পিছতেই ৰাইজৰ দলৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হয় যে অখিল গগৈৰ জামিন আৱেদন নাকচ হ’লেও অখিল গগৈৰ আদৰ্শক ভাল পোৱা লোকসকলে অলপো চিন্তা কৰিবলগীয়া নাই ৷ ৰাইজৰ দলে তেওঁৰ আদৰ্শ আগবঢ়াই নিব আৰু তেওঁৰ আদৰ্শৰ পৰা অলপো দলটো বিচলিত নহয় ৷ ৰাইজে সেই বিশ্বাস ৰাখক ৷ উল্লেখযোগ্য যে আজি ন্যায়াধীশ অনিৰুদ্ধ বসু,এন ভি ৰমন আৰু সূৰ্যকান্তই উচ্চ ন্যায়ালয়ত গোচৰটো প্ৰাৰম্ভিক পৰ্যায়তে আছে বুলি উল্লেখ কৰে আৰু সেয়ে ইয়াৰ ওপৰত পৰবৰ্তী পৰ্যায়ত পুনৰ আৱেদন জনাব পাৰিব বুলি জনায় ৷ ৰাইজৰ দলৰ ফালৰ পৰা এই কথাও স্পষ্ট কৰি দিছে যে শাসনাধিষ্ঠিত বিজেপি দলে অখিল গগৈক কাৰাগাৰত ৰাখিয়েই নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে কিন্তু ইয়াত সফল হ’ব নোৱাৰিব চৰকাৰ ৷