বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / উপচাৰ্য দোষী !

উপচাৰ্য দোষী !

বৰ্খাস্ত হ’ল তামুলী

গুৱাহাটী,১১ফেব্ৰুৱাৰী : ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অভিযোগৰ লগতে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত ৰাজ্যপাল জগদীশ মুখীয়ে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা বৰ্খাস্ত কৰিছে ৷ তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে লাইফ চাইন্সৰ মূৰব্বী অধ্যাপক প্ৰফেছৰ ৰাজ নাৰায়ণ এছ যাদৱক ৷ উল্লেখযোগ্য যে পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত উপাচাৰ্য পদত অধিষ্ঠিত হৈ থাকিব যাদৱ ৷ তথ্য সংগ্ৰহ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত যিবোৰ প্ৰমাণ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে ৰাজ্যপাল জগদীশ মুখীৰ ওচৰত উপস্থাপন কৰা হ’ল তাৰ ভিত্তিতেই ৰাজ্যপাল গৰাকীয়ে উপাচাৰ্য তামুলীক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে ৷