দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কাইলৈ আৰু আঁচনি আহিব !

কাইলৈ আৰু আঁচনি আহিব !

লেখানুদান দাখিল কৰিব বিত্তমন্ত্ৰীয়ে

গুৱাহাটী,১১ফ্ৰেবুৱাৰী : কাইলৈ অসম বিধানসভাত সোণোৱাল চৰকাৰৰ দ্বাৰা সচৰাচৰ বাজেটৰ পৰিৱৰ্তে ২০২১-২২ বিত্তীয় বৰ্ষৰ লেখানুদান দাখিল কৰা হ’ব ৷ উল্লেখযোগ্য যে বিধান সভাৰ নিৰ্বাচনৰ পৰিপ্ৰৰেক্ষিতত সচৰাচৰ পূৰ্ণাংগ বাজেট এইবাৰ দাখিল কৰা নহয় ৷ ইয়াৰ পৰিৱৰ্তে বিত্তীয় লেখানুদান বিধানসভাত দাখিল কৰা হ’ব ৷ এই লেখানুদানত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সংখ্যক কল্যাণকামী আচঁনি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে ৷ ইতিমধ্যে ’অৰুণোদয়’ আচঁনিকে ধৰি বিভিন্ন আচঁনি বিগত ৬মাহত অসম চৰকাৰে ঘোষণা কৰিছে ৷ এই পৰম্পৰা ৰক্ষা কৰি কাইলৈৰ লেখানুদানত  অসম চৰকাৰৰ কৰ্মচাৰী,যুবক-যুবতী,মহিলা,শিক্ষাৰ্থী আদিৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ শেহতীয়া ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাজেটৰ পৰিমাণ প্ৰায় ১০০,০০০কোটি আছিল ৷ কিন্তু এই বাজেটৰ মাত্ৰ ১০% মানহে ৰাজ্যৰ প্ৰকৃত উন্নয়ন তথা আন্তঃগাাঁথনিৰ বাবে মূল ব্যয় শিতানত খৰচ কৰা হৈছে ৷ আনহাতে বাজেটৰ প্ৰায় ৮৮-৯০% ৰাজহ  শিতানত খৰচ কৰা হৈছে ৷