বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / খং উঠিছে কংগ্ৰেছীৰ

খং উঠিছে কংগ্ৰেছীৰ

সাজু হৈছে দল এৰিবলৈ

চৰাইদেউ, ১১ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ বাকী থকা অৱস্থাত ব্যাপক খহনীয়া আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছত।  কংগ্ৰেছ দলৰ ক্ষমতাকেন্দ্ৰিক খোৱা-কামোৰাৰ বাবেই দলটোত পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। অতি শেহতীয়াকৈ কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এনএছইউ আইৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি এনজয় দে পদত্যাগ কৰা কাৰ্যই দলৰ ভিতৰচ’ৰাত যে ক্ষমতাৰ বাবে লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছে তাকেই প্ৰতীয়মান কৰিছে। মন কৰিবলগীয়া যে এনএছইউআইৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি তথা চৰাইদেউ জিলা এনএছইউআইৰ আমন্ত্ৰিত সদস্য এনজয় দে’ আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিলৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

জানিব পৰা মতে অসম ৰাজ্যিক এনএছইউআইৰ সভাপতি নিৰ্বাচনক লৈ কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত অন্তকন্দলে দেখা দিছে। তথ্য অনুসৰি যোৱা ২ জানুৱাৰীত এনএছইউআইৰ অসম ৰাজ্যিক সভাপতি  নিযুক্ত কৰা হয়। কিন্তু তাৰ পাছতো আজিলৈকে নতুন ৰাজ্যিক সমিতিখন গঠন কৰা নহ’ল। এই বিষয়ে এনএছইউআইৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি এনজয় দে’ ৰাষ্ট্ৰীয় সমিতিক অৱগত কৰিছিল যদিও তেওঁক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আজি পদত্যাগ কৰে কংগ্ৰেছৰ ভাতৃ সংগঠনটোৰ পৰা। আনহাতে বৰ্তমানৰ সভাপতি কৃষাণু বৰুৱা, তত্বাৱধায়ক অনুশেষ শৰ্মা, ৰাষ্ট্ৰীয় সভাপতি নীৰজ কুন্দনৰ ওপৰতো আস্থা হেৰুৱাই আজি এনএছইউআইৰ প্ৰাথমিক সদস্য তথা কংগ্ৰেছ দলৰ সকলো দায়িত্ব ত্যাগ কৰাৰ লগতে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰা বুলি উল্লেখ কৰিছে পদত্যাগ পত্ৰখনত।

আনহাতে, এই সন্দৰ্ভত এনজয় দে’ৰ লগত যোগাযোগ কৰাত কয়, “কংগ্ৰেছ দলৰ ভাতৃ সংগঠন এনএছইউআইৰ ভিতৰচ’ৰাত লবীকেন্দ্ৰীক পৰিৱেশে বিৰাজ কৰিছে । যাৰ ফলত নিষ্ঠাবান কৰ্মী সকলে দলত্যাগ কৰিবলৈ সাজু হৈ উঠিছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ দিনাই প্ৰায় পাঁচ শতাধিক এন এছইউআই কৰ্মীয়ে পদত্যাগ কৰিব । শিৱসাগৰ, লক্ষিমপুৰ, তিনিচুকীয়া, ধেমাজি , চৰাইদেউ, শোণিতপুৰকে ধৰি আঠখনকৈ জিলাৰ এনএছইউআই কৰ্মীসকলে প্ৰদান কৰা পদত্যাগ পত্ৰসমূহ উপহাৰ হিচাপে লৈ দিল্লীলৈ উভতি যাব ৰাহুল গান্ধী”। মন কৰিবলগীয়া যে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ কৰ্মী তথা কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছইউআই কৰ্মীৰ পদত্যাগে দলটোক যে শ’লঠেকত পেলাব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বৰ্তমান।