দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আন এক মোক্ষম আঘাত !

আন এক মোক্ষম আঘাত !

আৰু এজন গ’ল

কলকাতা,১২ফেব্ৰুৱাৰী : পশ্চিমবংগৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত পুনৰ এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলটো ৷ আজি দলটোৰ পৰা ৰাজ্যসভাৰ সাংসদ দীনেশ ত্ৰিবেদীয়ে পদত্যাগ কৰে ৷ “মই আজি দলৰ লগতে ৰাজ্যসভাৰ সাংসদ পদৰ পৰাও পদত্যাগ কৰিলোঁ ৷ ৰাজ্যখনত এক অৰাজক পৰিস্থিতি চলি থকাৰ পিছতো আমি একো মাতিব নোৱাৰোঁ ৷ মই একপ্ৰকাৰ দলটোৰ ভিতৰত উশাহ নোপোৱাৰ দৰে অনুভৱ কৰিছোঁ ৷ ”আজি ৰাজ্যসভাত নিজৰ দল ত্যাগৰ কথা ঘোষণা কৰি ত্ৰিবেদীয়ে কয় “দলে মোক ইয়ালৈ পঠিওৱাৰ বাবে ধন্যবাদ ৷ কিন্তু মই দুঃখিত যে মই মোৰ ৰাইজৰ বাবে মাত মাতিব নোৱাৰোঁ৷মই মমতা বেনাৰ্জীৰ বাবে দলটোত যোগদান কৰিছিলোঁ ৷

এতিয়া কিন্তু ই তেওঁৰ দল হৈ থকা নাই ৷ তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত ৷ মোক মোৰ বিবেকে কৈছে যে মই তালৈ যোৱা ভাল য’ত মই ৰাইজৰ কথা ক’ব পাৰোঁ,মোৰ নিজৰ অধিকাৰ উপভোগ কৰিব পাৰোঁ ৷ “আনহাতে,ৰাজ্যসভাৰ উপাধক্ষ্য হৰিবংশ ৰায় সিঙে অৱশ্যে তেওঁক সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ বাবে কিছু দলীয় নিয়ম কানুন আছে বুলি জনায় ,সেয়ে তেওঁ লিখিতভাৱে  ৰাজ্যসভাত জনাব লাগিব বুলি জনায় ৷ আনহাতে,ত্ৰিবেদীৰ এই ঘোষণাৰ পিছত তৃণমূল কংগ্ৰেছৰ নেতা সুখেন্দু এছ ৰয়ে কয় “আমি এতিয়া তৃণমূল মানে একেবাৰে তলৰ কৰ্মী পঠিয়াম ৷ আমি ভাল পাইছোঁ যে এখন আসন আমাৰ দলৰ প্ৰকৃত কৰ্মীৰ বাবে খালী হ’ল ৷ ”