বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাৰো নিষেধাজ্ঞা নামানে গেৰুকামুখত

কাৰো নিষেধাজ্ঞা নামানে গেৰুকামুখত

সেউজ প্ৰাধীকৰণৰ নিৰ্দেশক অৱজ্ঞা

নতুন দিল্লী,১২ ফ্ৰেব্ৰুৱাৰী : উত্তৰাখণ্ডৰ ভয়ংকৰ জল বিস্ফোৰণৰ ঘটনাৰ পাছত পুনৰ উত্তৰ অসমৰ নিৰ্মীয়মান গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পৰ পৰা হ’ব পৰা সম্ভাব্য বিপদৰ আশংকা ঘনীভূত হৈছে ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি প্ৰকল্প দ্বাৰা নিৰ্মীয়মান এই ২০০০ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসমত বিগত বছৰকেইটাত প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈছে ৷ আনকি এই জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পৰিবেশকৰ্মী তথা একাংশ সচেতন লোকে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দ্বাৰস্থ হৈছিল ৷ কিন্তু সংসদত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে এক প্ৰশ্নৰ  উত্তৰত কোৱা কথাখিনিয়ে সকলোকে এতিয়া আচৰিত কৰি তুলিছে ৷

উল্লেখযোগ্য যে ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ২০১৯চনৰ ৩১ আগষ্ট পৰ্যন্ত এই গেৰুকামুখ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ আনহাতে, অতি উদ্বেগজনকভাৱে কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে এই বিশেষ সময়চোৱাত এনএইছপিচি কৰ্তৃপক্ষই গেৰুকামুখ প্ৰকল্পত প্ৰায় ২০০০কোটি টকা ব্যয় কৰিছে বুলি তথ্য দিছে ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আৰোপ কৰা নিষেধাজ্ঞা ২০১৯ চনৰ ৩১ আগষ্টত প্ৰত্যাহাৰ কৰাৰ পাছত অৱশ্যে এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত বাধ্যবাধকতা নাছিল ৷ কিন্তু নিষেধাজ্ঞা বলবৎ থকা অৱস্থাতে কেন্দ্ৰীয় চৰকাৰৰ মালিকানাধীন এনএইছপিচি কৰ্তৃপক্ষই আদালতৰ আদেশ উলংঘা কৰা কাৰ্যই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সংসদৰ মজিয়াত কেন্দ্ৰীয় মন্ত্ৰীয়ে উল্লিখিত কৰ্তৃপক্ষৰ এই আইন উলংঘা কাৰ্যৰ প্ৰমাণ দিয়াৰ পাছত এতিয়া এই  গুৰুতৰ অপৰাধৰ কি দণ্ড হ’ব,সেইটোহে লক্ষণীয় হ’ব ৷