শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / কিস্তি তুলিবলৈ গৈ সন্ধানহীন

কিস্তি তুলিবলৈ গৈ সন্ধানহীন

অপহৰণৰ সন্দেহ

নগাঁও,১২ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ এজন কৰ্মচাৰী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দুদিন ধৰি সন্ধানহীন হৈ  আছে হাজোৰ কৃষ্ণ বৈশ্য নামৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কৰ্মচাৰীজন ৷ জানিবপৰা মতে কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত যুৱকজনে অন্য দিনাৰ দৰে বুধবাৰেও কন্দলী আৰু কচুবস্তিৰ পৰা ঋণৰ ধন উঠাবলৈ গৈছিল ৷ যুৱকজনে ঋণৰ ৫৪ হাজাৰ টকা সংগ্ৰহ কৰি বিয়লি পৰ্যন্ত বেংকলৈ ঘূৰি নহাত চিন্তিত হৈ পৰে বেংক কৰ্তৃপক্ষ ৷

পিছত বেংক কতৃপক্ষ‌ই ঘটনা সন্দৰ্ভত কঠীয়াতলী আৰক্ষীক অৱগত কৰে। বেংক কৰ্তৃপক্ষৰ লগতে  পৰিয়ালৰ লোকে যুৱক জনক বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যুৱকজন নিখোঁজ হোৱা সন্দৰ্ভত কঠিয়াতলী আৰক্ষী চকীত বেংক কৰ্তৃপক্ষই এক গোচৰ ৰুজু কৰিছে ৷ দাখিল  কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ ম’বাইল ট্ৰেক কৰি   বামুনীৰ বিভিন্ন স্থানত অভিযান চলাইছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই ৷

উল্লেখযোগ্য যে ,যুৱকজনৰ হাতত যিহেতু ঋনৰ ৫৪ হাজাৰ টকা মজুত আছিল যাৰ বাবে কোনো দুষ্ট চক্ৰই অপহৰণ কৰি ধন সমূহ লুটি নিয়াৰো সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই ৷ আৰক্ষীৰ সঠিক তদন্ততহে বেংক কৰ্মচাৰী জনৰ নিখোঁজ হোৱাৰ সমগ্ৰ তথ্য পোহৰলৈ আহিব। ইপিনে কঠীয়াতলী আৰক্ষীয়ে অতি শীঘ্ৰে বেংক কৰ্মচাৰীজনৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে।