বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Entertainment  / ছালমানলৈ সকাহ

ছালমানলৈ সকাহ

কৃষ্ণ মৃগ মাৰি পস্তাইছে ছালমানে

মুম্বাই,১২ফেব্ৰুৱাৰী : বলিউডৰ জনপ্ৰিয় অভিনেতা ছালমান খানে আজি তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জনাই এক টুইটাৰ বাৰ্তা প্ৰেৰণ কৰে ৷ উক্ত বাৰ্তাত তেওঁ কয়“মোক ভাল পোৱা প্ৰতিগৰাকী লোককেই ধন্যবাদ ৷ আপোনালোকে নিজৰ যত্ন ল’ব ৷ আপোনালোকলৈ মোৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকক মইয়ো বহুত ভাল পাওঁ ৷ ”উল্লেখযোগ্য যে ১৯৯৮ চনতে ‘হাম চাথ চাথ হ্যে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত লগৰ আন চাৰিগৰাকী অভিনেতা অভিনেত্ৰীৰ লগত কৃষ্ণ মৃগ চিকাৰ কৰাৰ অপৰাধত যোধপুৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল ৷ ৰাজস্থান চৰকাৰে এখন ভুৱা এফিডেফিটৰ ভিত্তিত ছালমান খানক দোষী সাব্যস্ত কৰি কৰা আৱেদন যোধপুৰ জিলা আদালতে অলপতে অগ্ৰাহ্য কৰে৷উক্ত গোচৰত অভিনেতা গৰাকীৰ মৰণাস্ত্ৰৰ অনুজ্ঞা পত্ৰ নথকা বুলি উল্লেখ কৰিছিল ৷