মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ‘টোপ’ কিন্তু ৫ টকাৰ সকাহ

‘টোপ’ কিন্তু ৫ টকাৰ সকাহ

আজি মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰীখ

গুৱাহাটী,১২ ফেব্ৰুৱাৰী : অসমত পেট্ৰল তথা ডিজেলৰ মূল্য আজি নিশা বাৰ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫টকাকৈ হ্ৰাস পাব ৷ পেট্ৰলজাত সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাত অসম চৰকাৰে আজি লেখানুদান দাখিলৰ সময়ত ঘোষণা কৰিছে যে পেট্ৰলজাত সামগ্ৰীৰ লগতে বিলাতী সুৰাৰ ক্ষেত্ৰতো নিৰুপিত ৰাজ্যিক আবকাৰী কৰ ২৫% হ্ৰাস কৰিছে ৷ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়“ক’ভিডৰ বাবে আমি পেট্ৰল,ডিজেলত কৰ বৃদ্ধি কৰিবলগীয়া হৈছিল কিন্তু বৰ্তমান ক’ৰনা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস হোৱাৰ বাবে আমি এই কৰ উঠাই লোৱাৰ সিন্ধান্ত লৈছোঁ ৷ মোৰ সতীৰ্থ মন্ত্ৰীসকলেও এই বিষয়টোত সন্মতি প্ৰদান কৰিছে ৷ সেয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰল,ডিজেলৰ মূল্য পাঁচ টকাকৈ হ্ৰাস কৰা হৈছে ৷ গুৱাহাটীত পেট্ৰলৰ মূল্যই প্ৰতি লিটাৰত  ৯০ টকা আৰু ডিজেলৰ মূল্যই ৮৪.২৯ টকা হৈছেগৈ ৷ অসম বিধানসভাৰ নিৰ্বাচন অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’ব ৷ সেয়ে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰাটোক একপ্ৰকাৰ নিৰ্বাচনী টোপ বুলি সমালোচনা কৰিছে বিৰোধীয়ে ৷