বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বটদ্ৰৱা নেৰে বোলে

বটদ্ৰৱা নেৰে বোলে

বটদ্ৰৱাতেই আৰম্ভ হ’ব 'আউল'

নগাঁও, ১২ফেব্ৰুৱাৰী : “বটদ্ৰৱাত আমাৰ কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী, সেয়ে বটদ্ৰৱাত আমি নিৰ্বাচন খেলাটো খাটাং, বটদ্ৰৱা এৰি দিয়াৰ প্ৰশ্নই নুঠে”- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ। আজি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানৰ পৰা নগাঁৱৰ ধিং গেটত পথসভা কৰি উভতাৰ পথত কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখতে এই মন্তব্য নেতা গৰাকীৰ। উল্লেখযোগ্য যে, মিত্ৰজোঁটে বটদ্ৰৱা আসনখন আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ কথা প্ৰায় নিশ্চিত হোৱাৰ পিচতো বটদ্ৰৱাত প্ৰাৰ্থিত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা গৌতম বৰা, শিৱামণি বৰা আৰু অভিজিৎ বৰাই আবেদন দাখিল কৰিছে। সেয়ে বটদ্ৰৱাত প্ৰস্তাৱিত মহাজোঁটৰ অংকত আউল লগাৰ সম্ভাৱনাই দেখা দিছে।