বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী …

আনে যোৱা বাটেৰে নোযোৱা ছোৱালীজনী …

আকাশ চুৱাৰ মন আৰু চুলেও

নতুন দিল্লী,১৩ ফেব্ৰুৱাৰী : মিছ ইণ্ডিয়া ৰাণাৰ্চ আপ মান্যা সিঙে এই খিতাপ দখলৰ পিছতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ সাধাৰণতে এই মডেলিং জগতৰ লগত জড়িত হ’বলৈ আৰ্থিকভাৱে যথেষ্ট সবল হোৱাতো জৰুৰী বুলি যদিও ভৱা হয় , মান্যাই যেন ইয়াৰ এক বিপৰীত প্ৰতিচ্ছবিক প্ৰতিনিধিত্ব কৰি আহি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল ৷ মান্যাৰ পিতৃৃ এজন অটো ৰিক্সাচালক ৷ এসাঁজ খাই আন সাঁজ নোখোৱাকৈ বহু নিশা পাৰ কৰিছিল মান্যাই ৷ দিনত কাঁহীবাতি ধুই ৰাতি কল চেণ্টাৰত কাম কৰি ধন উপাৰ্জন কৰা দিনবোৰ তেওঁৰ মনত এতিয়াও সজীৱ হৈ আছে ৷

তেওঁ মুম্বাইলৈ অহা সময়ত তেওঁৰ আনকি ৰেলত খাবলৈও পইচা নাছিল ৷ নিশাবোৰ পাৰ কৰিবলৈ নিজৰ ঘৰ নাছিল,সেয়ে পথতেই নিশাবোৰ পাৰ কৰিছিল আকাশৰ তৰা গণি ৷ আনুষ্ঠানিক শিক্ষাৰ ব্যয় বহন কৰিব পৰা নাছিল তেওঁৰ পিতৃয়ে ৷ “মই ৰিক্সাৰ পইচা বচাবলৈ দূৰ দূৰণিলৈ খোজ কাঢ়িয়েই গৈছিলোঁ”-এনেদৰে কয় মিছ ইণ্ডিয়া ৱৰ্ল্ড গৰাকীয়ে ৷ পিতৃৃৃৃ মাতৃক আৰ্থিক সকাহ দিবলৈ তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত যোগদান কৰাৰ সপোন দেখিছিল ৷ “আজি মই সুখী৷মোৰ লাভ কৰা এই  সন্মান সমগ্ৰ বাৰাণসীৰ বাবে উৎসৰ্গিত ৷ “