সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / Region  / উদ্বাৰ হ’ল অপহৃত শ্ৰমিক

উদ্বাৰ হ’ল অপহৃত শ্ৰমিক

কুকি উগ্ৰপন্থীৰ কবলৰ পৰা উদ্ধাৰ

ইম্ফল,১৩ ফেব্ৰুৱাৰী : কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া ৩জন মণিপুৰী শ্ৰমিকক উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷ উগ্ৰপন্থীৰ লগত এক দীঘলীয়া সংঘৰ্ষৰ অন্ততহে এই শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ থৌবাল জিলাৰ খৈবাঙত এখন দলং নিৰ্মাণত ব্যস্ত থকা শ্ৰমিক কেইজনক বিগত ৭ ফেব্ৰুৱাৰীত অপহৰণ কৰে সশস্ত্ৰ কুকি উগ্ৰপন্থীয়ে ৷ উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীৰ উপস্থিতিৰ উমান পাই যধেমধে গুলীয়াবলৈ ধৰে আৰু প্ৰায় দুঘণ্টীয়া সংঘৰ্ষৰ অন্তত এই শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে,গভীৰ অৰণ্য আৰু যাতায়তৰ প্ৰতিকূলতাৰ বাবে উগ্ৰপন্থীৰ দলটো পলাই সাৰিবলৈ সক্ষম হয় ৷